Breaking

দৰঙত ইমামসকলৰ সৈতে উপায়ুক্ত : কোনো কাৰণতে সমূহীয়া নামাজৰ অনুমতি দিয়া নহ’ব

0 108

মঙলদৈ

ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাথোঁ কেইটামান দিন বাকী। পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন মছজিদৰ ইমামসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সমগ্ৰ বিশ্বক আক্ৰান্ত কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা লকডাউনৰ নিৰ্দেশণাৱলী উৎসৱ-পাৰ্বনৰ নামত কোনো কাৰণতে যাতে ভঙ্গ কৰা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰু লগতে নিজৰ নিজৰ এলেকাত এই সম্পৰ্কত আগতীয়াকৈ সজাগ কৰি দিবলৈ ইমামসকলৰ প্ৰতি আহ্বান জনায়। ইফটাৰ বা ঈদৰ দিনা নামাজ সমূহীয়াকৈ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি নিজৰ ঘৰে ঘৰে নামাজ পঢ়িবলৈ আৰু ইছলামধৰ্মী জনসাধাৰণৰ মাজত এই কথা পুনৰবাৰ সকীয়াই দিবলৈ ইমামসকলক অনুৰোধ জনাই উপায়ুক্তজনে কয় যে লকডাউনৰ নিৰ্দেশনাৱলী কোনোবাই ভঙ্গ কৰিলে বা ধৰ্মীয় অনুষ্ঠানত নিৰ্দিষ্ট সংখ্যাতকৈ বেছি লোকৰ সমাগম হ’লে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। “এই সময় একেবাৰে সুবিধাজনক নহয়। উৎসৱ-পাৰ্বন আহিব আৰু যাব। কিন্তু উৎসৱ-পাৰ্বন পালন কৰাৰ আগতে আমি সকলো সুৰক্ষিত হৈ থাকিব লাগিব। গতিকে পৰাপক্ষত ঘৰত থাকি, সামাজিক ব্যৱধান অটুট ৰাখি নিজৰ লগতে সমাজখন সুৰক্ষিত হৈ থকাত সহায় কৰক “- উপায়ুক্তজনে ইমামসকলক উদ্দেশ্যি সভাত কয়।

Leave A Reply