Breaking

খাৰুপেটীয়াত সংবাদমেল  অনুষ্ঠিত কৰি দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ ” দুৰ্নীতি মুক্ত সংগ্ৰাম অসমৰ “

0 73

দুৰ্নীতি মুক্ত সমাজ গঢ়াৰ লক্ষৰে দৰঙৰ  খাৰুপেটীয়াত  আত্মপ্ৰকাশ কৰে ” দুৰ্নীতি মুক্ত সংগ্ৰাম অসম ” নামৰ‌ স্বেচ্ছাসেৱী  সংগঠন এটাই  । নতুনকৈ আত্মপ্ৰকাশ কৰি  খাৰুপেটীয়াত  দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে  সংগঠনটোৰ সভাপতি গৰাকীয়ে  । সংবাদ মেলত স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি মুছলিম উদ্দিনে কয় – দুৰ্নীতিৰ বিৰুদ্ধে  মাত মাতি যোৱাই হব  এই সংগঠনৰ  লক্ষ্য আৰু উদ্দেশ্য ।

প্ৰতিটো বিভাগতে সংঘটিত হৈ থকা সকলো  দুৰ্নীতিৰ  লগতে সমাজত চলি থকা বাল্য বিবাহ ,জুৱা , অসামাজিক কাৰ্যকলাপৰ  পৰা আৰম্ভ কৰি  ভু- মাফিয়া ,  ছিপাঝাৰৰ   গৰুখুটিৰ উচ্ছেদিতক দলগাৱত  সংস্থাপনৰ নামত  দুটা সংখ্যালঘু সংগঠনৰ একাংশ নেতা কৰ্মীয়ে ধনৰ লেনদেনৰ  অডিঅ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ  বিৰুদ্ধেও সৰব হৈ পৰে  সংগঠনটো । 

সংখ্যালঘু জনগণৰ হৈ ঘৰিয়ালৰ চকুপানী টুকা  এই সকল  দুৰ্নীতিকাৰী নেতা কৰ্মীৰ  বিৰুদ্ধে  পৰ্যায়ক্ৰমে আইনী   ব্যৱস্হা গ্ৰহণ কৰা  হব বুলি  সংবাদ মেলত  হুংকাৰ প্ৰদান কৰে  নৱ গঠিত ‌” দুৰ্নীতিমুক্ত সংগ্ৰাম অসম ” নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়া সকলে । উল্লেখযোগ্য যে  খাৰুপেটীয়া টাইগাৰ ক্লাব প্ৰেক্ষাগৃহত আয়োজিত সংবাদ মেলত সংগঠনটোৰ উপদেষ্টা আবুল কালাম আজাদ , সভাপতি মুছলিম উদ্দিন ,  উপ -সভাপতি ক্ৰমে হাৰুন আলি আৰু মোকতাদিৰ বিল্লাহ , সাধাৰণ সম্পাদক আফতাব হুছেইন , সহকাৰী সম্পাদকদ্বয়  ছোলেমান আলি , মহিবুল ইছলাম সহ বহু কৰ্মী উপস্থিত থাকে ।

Leave A Reply