Breaking

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ : তদন্তৰ দাবী

0 66

নাজিৰা

 এফালে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন, আনফালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত শ শ পৰিয়াল আৰু ইয়াৰ মাজতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক অনিয়মৰ। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ অধীনত থকা প্ৰায়সংখ্যক পানী যোগান প্ৰকল্পয়েই সম্প্ৰতি বিকল হৈ আছে। কাৰ্যক্ষম নোহোৱাকৈ পৰিতক্ত অৱস্থাত বহু পানী যোগান প্ৰকল্প পৰি আছে নাজিৰা মহকুমাটোৰ প্ৰান্তে প্ৰান্তে। বিকল তথা কাৰ্যক্ষম নোহোৱাকৈ পৰি থকা প্ৰকল্প সমূহ মেৰামতিৰ ব্যৱস্থাৰে জনসাধাৰণক বিশুদ্ধ পানী যোগানৰ বাবে লক্ষ লক্ষ টকাৰ চৰকাৰী ধন অনুমোদন হয় যদিও প্ৰকল্প সমূহ কাৰ্যকৰী হৈ নুঠাত বৰ্তমানেও মহকুমাটোৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ শ শ পৰিয়াল খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে এতিয়াও। ইফালে, নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত বিকল হৈ পৰি থকা পানী যোগান প্ৰকল্পবোৰ মেৰামতিৰ বাবে কোটি টকা অনুমোদন হয় যদিও ইয়াৰ বহুকেইটা প্ৰকল্পৰ কাম নোহোৱাকৈয়ে একাংশ ঠিকাদাৰক বিল আদায় দিয়াৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰাস্থিত কাৰ্যালয়ৰ অধীনৰ বিভিন্ন শিতানৰ বাবে প্ৰায় দুই কোটি আৱণ্টন হয় আৰু ইয়াৰ সৰহসংখ্যক ধন কাম নকৰাকৈ একাংশ ঠিকাদাৰক কমিছনৰ বিনিময়ত মোকলাই দিয়ে। কাৰ্যালয়টোৰ একাংশ বিষয়াৰ গোপন মিতিৰালিৰ ফলত বছা বছা ঠিকাদাৰে বিল আদায় পোৱাৰ বিপৰীতে আন এচাম ঠিকাদাৰে কাম সম্পূৰ্ণ কৰাৰ পিছতো প্ৰাপ্য বিলৰ পৰা মাহ মাহ ধৰি বঞ্চিত হোৱাৰো অভিযোগ উঠিছে। ফলত কাম সম্পূৰ্ণ কৰাৰ পিছতো গাঁঠীৰ ধন বিনিয়োগ কৰি প্ৰাপ্য বিল আদায় ননোপোৱাত শলঠেকত পৰিছে বহু ঠিকাদাৰ৷ পানী যোগান প্ৰকল্পৰ নামত অহা দুই কোটি টকা কোন কোন শিতানত ব্যয় হল বা কোনখন প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত বিল আদায় দিলে, ইয়াৰ এক তদন্তৰ দাবী জনাইছে সচেতন মহলে।

Leave A Reply