Breaking

প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথ নিৰ্মাণত দুৰ্নীতি

0 2,018

এটা পথ নিৰ্মাণৰ দুবছৰ ন হওঁতেই জহি-খহি গৈছে।পথছোৱাৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ ৰাইজ তথা পথচাৰিক।লেখাপানী গাওঁ পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ-কথাগাঁও সংযোগী পথটো বৰ্তমানে যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে।প্ৰধান মন্ত্ৰী গ্রাম্য চড়ক যোজনাৰ অধীনত ২০১৭ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল পথটোৰ।জে, আৰ, কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰ প্ৰতিষ্ঠান টোৱে লাভ কৰিছিল পথটোৰ নিৰ্মাণৰ নিবিদা।২০১৮ চনত নিৰ্মাণ শেষ হব লগা পথটোৰ নিৰ্মাণ শেষ হৈছিল ২০১৯ চনত।চৰকাৰী নিয়ম অনুসৰি এটা পথ নিৰ্মাণ হোৱাৰ পাছত প্ৰায় ৫ বছৰ মেৰামতিৰ দায়িত্ব থাকে নিবিদা লাভ কৰা প্ৰতিষ্ঠানটোৰ।কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে পথটো নিৰ্মাণ হোৱাৰ পাছত আজি পৰ্যন্ত পথটোৰ ভাঙি যোৱা অংশ সমূহ মেৰামতি নকৰাৰ অভিযোগ উঠিছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে।মেৰামতি নকৰাৰ ফলত পথটোৰ ভঙা অংশত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে।যাৰ ফলত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে।উক্ত পথছোৱা অতি সোনকালে মেৰামতি কৰাৰ আহ্বান স্থানীয় ৰাইজ তথা দল সংগঠনৰ।পথছোৱা মেৰামতিৰ বাবে স্থানীয় বিধায়ক, বিভাগীয় মন্ত্ৰী আৰু ঠিকাদাৰ প্ৰতিষ্ঠানক অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে, অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

Leave A Reply