Breaking

দৰঙত প্ৰধান মন্ত্ৰীৰ কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে একেখন ঘৰত দহগৰাকীৰ নামত সোমাল ধন

0 94

মঙলদৈ

লকডাউনৰ সময়চোৱাত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি প্ৰৱৰ্তন কৰি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাই দিছিল। কিন্তু এই আঁচনিৰ বাবে হিতাধিকাৰী বাচনিৰ দায়িত্ব আছিল জিলা কৃষি বিষয়াৰ। বিশেষকৈ দৰং জিলা কৃষি বিষয়াই তেওঁৰ তলতীয়া কৰ্মচাৰীৰ জৰিয়তে হিতাধিকাৰী বাচনি কৰে। এইখিনিতে লাগে অথন্তৰ। কৃষি বিভাগৰ গ্ৰামসেৱকসকলে মণ্ডল আৰু তৃণমূল পৰ্যায়ৰ বিজেপি নেতাৰ সহযোগত প্ৰস্তুত কৰে হিতাধিকাৰীৰ তালিকা। এই তালিকাত সোমাই পৰে বিজেপি নেতাসকলৰ মনপচন্দৰ দলীয় কৰ্মীৰ নাম যাৰ অধিকেই নহয় কৃষক। আনহাতে শিক্ষক স্বামীৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা পত্নীৰ নামো হিতাধিকাৰীৰ তালিকাত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামগাঁও নিবাসী তথা বানেইকুছি মজলীয়া বিদ্যালয়ৰ শিক্ষক জনৈক গজেন্দ্ৰ কলিতাৰ পত্নী নিলিমা কলিতা সৰাবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা। পঞ্চায়ত প্ৰতিনিধি নিলিমা কলিতা প্ৰকৃততে কৃষক নহয় যদিও তেওঁৰ নামত প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি ধন সোমোৱাৰ লগতে তেওঁৰ বৰজনা অৰ্থাৎ গিৰিয়েকৰ ককায়েক যোগেন্দ্ৰ কলিতা, তেওঁৰ পত্নী কিৰণ কলিতা, দুই পুত্ৰ দিগন্ত কলিতা আৰু ৰাতুল কলিতা, আন এগৰাকী বৰজনা নীলকান্ত কলিতা, তেওঁৰ পত্নী ভানুমতী কলিতা, পুত্ৰদ্বয় জয়ন্ত কলিতা, কমলজ্যোতি কলিতা, কমলজ্যোতিৰ পত্নী দীপান্বীতা দাস কলিতাকে ধৰি একেটা পৰিয়ালৰ মুঠ দহগৰাকী সদস্যৰ নাম তালিকাভুক্ত হৈছে। আনহাতে গাওঁখনৰ যথেষ্ট সংখ্যক প্ৰকৃত কৃষকৰ নাম তালিকাত নথকাত বিষয়টোৱে চৰ্চা লাভ কৰিছে। এই সন্দৰ্ভত সাংবাদিকে দৰং জিলাৰ কৃষি বিষয়া ভৰত চন্দ্ৰ দেউৰীক সোধাত তেওঁ গা এৰা মন্তব্য কৰি চাকৰিৰ পৰা নিলম্বন হোৱাৰ বাবেহে অপেক্ষা কৰি আছে বুলি কয়। ইফালে লক্ষীমপুৰ গাঁও পঞ্চায়ৰ অন্তগৰ্ত বালিপোতা, লক্ষীমপুৰ গাঁৱত এজনো মুছলমান সম্পদায়ৰ লোক বাস নকৰাৰ পিছতো গাঁও দুখনৰ পৰা তালিকাত দুয়োখন গাঁৱত ১৮-২০ জনকৈ তালিকাভুক্ত হোৱাত সকলোৰে চকু কপালত উঠিছে৷ কাৰ ভুলৰ বাবে এজনো মুছলমান নোহোৱা গাঁও দুখনত ১৮-২০ জনকৈ মুছলমান লোক অন্তভূক্ত হ’ল আৰু সেই টকাসমূহ কাৰ পকেটত সোমাল সেয়া তদন্ততহে ওলাই পৰিব৷ গাঁও দুখনৰ সচেতন লোকসকলে এটা উচিত তদন্ত কৰাৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰলৈ অাহ্বান জনাইছে৷

Leave A Reply