Breaking

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা- ২০২৬ চনৰ নৱেম্বৰ পৰ্যন্ত শুভ দশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

0 47

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা- ২০২৬ চনৰ নৱেম্বৰ পৰ্যন্ত শুভ দশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰয়োজনতকৈ অধিক শুভ কাৰক যোগ হৈ আছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰাশিচক্ৰত ৷ ২০২৬ চনৰ ৭ নৱেম্বৰ পৰ্যন্ত শুভ দশা চলিব মুখ্যমন্ত্ৰীগৰাকীৰ ৷ আজি পহিলা ব’হাগ উপলক্ষে বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰি এই ভৱিষ্যদ্বাণী কৰে সত্ৰৰ দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে ৷সম্প্ৰতি শুক্ৰৰ দশা চলি থকা মুখ্যমন্ত্ৰীগৰাকীৰ ২০২৬ চনৰ ৭ নৱেম্বৰ পৰ্যন্ত প্ৰয়োজনতকৈ অধিক শুভ দশা চলিব বুলি জ্যোতিষী গৰাকীয়ে জানিবলৈ দিয়ে ৷

বিগত বৰ্ষৰ তুলনাত এইবছৰ মুখ্যমন্ত্ৰী গৰাকীৰ উত্তম দশা চলিব বুলি বৰ্ষফল গণনাত কোৱা হয় ৷বৰ্ষফল গণনাত ৰাজ্যৰ শিক্ষা,সাহিত্য,সংস্কৃতি আদি ক্ষেত্ৰত উন্নতি দেখা যায় বুলি উল্লেখ কৰা হয় ৷নতুন বছৰটোত ব্যৱসায়-বাণিজ্য,কৃষি, আমদানি-ৰপ্তানি আদিত ৰাজ্য চৰকাৰৰ সফলতা দেখা যায় বুলি বৰ্ষফল গণনাত প্ৰকাশ কৰা হয়৷নতুন বছৰটোত কেন্দ্ৰীয় চৰকাৰ অধিক সময়ৰ বাবে প্ৰতিকূল অৱস্থাত থাকিবলগীয়া নহয় বুলি বৰ্ষফল গণনাৰ জৰিয়তে ভৱিষ্যদ্বাণী কৰা হয় ৷আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শপত গ্ৰহণৰ দশা আৰু জন্ম দশাৰ মাজত পাৰ্থক্য দেখা যায় বুলি উল্লেখ কৰি ২০২৭ চনৰ ৬ ডিচেম্বৰৰ পৰ্যন্ত তেখেতৰ শুভ দশা চলি থাকিব বুলি বৰ্ষফল গণনাত কোৱা হয় ৷মংগল দশা চলি থকা হেতুকে প্ৰধানমন্ত্ৰীগৰাকীক ৰাজনৈতিক প্ৰতিদ্বন্দ্বী,শত্ৰু আদিয়ে কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰিব বুলি বৰ্ষফল গণনাত উল্লেখ কৰা হয় ৷ উল্লেখ্য যে অতীজৰে পৰা পহিলা ব’হাগৰ দিনা বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰাৰ পৰম্পৰা চলি আহিছে ৷

বৰপেটা সত্ৰৰ বৰ্ষফল গণনাক বিশেষ মান্যতা দি আহিছে ৰাজ্যবাসীয়ে ৷বিশেষকৈ দেশ আৰু ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰৰ ভৱিষ্যৎ সন্দৰ্ভত বৰ্ষফল গণনাত কি কোৱা হয়, সেয়া জানিবলৈ সংবাদ মাধ্যম আৰু ৰাজনৈতিক মহল উৎকণ্ঠাৰে বাট চাই ৰয় ৷পূৰ্বতে বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত প্ৰকাশ পোৱা ৰাজনৈতিক ভৱিষ্যদ্বাণীয়ে ৰাজ্যৰ বিদ্বৎ মহল আৰু সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰাৰ অনেক উদাহৰণ আছে ৷

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন।

Leave A Reply