দেশ, ক’ৰোনা ভাইৰাছ আৰু তলাবন্ধৰ পৰিণতি

0 38

শ্ৰীৰামচন্দ্ৰ চুতীয়া

বিশাল দেশখনৰ ক্ষমতাভাৰ ২০১৪ চনৰ পৰা বিজেপি দলৰ হাতত ন্যস্ত হৈ আছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দ্বিতীয়টো কাৰ্যকালৰ বাবে দায়িত্বভাৰ লোৱাৰ পাছত দেশখনত নানান বিষয়ত প্ৰতিবাদীসূচীৰ সম্মুখীন হৈ থাকিব লগা হৈছে।এই দলটোৱে কি কি কৰিম বুলি কৈছিল আৰু কি কি কৰি আছে সেই কথা দেশবাসীয়ে নিতৌ প্ৰত্যক্ষ কৰি আছে।সপক্ষে আৰু বিপক্ষে মন্তব্য প্ৰকাশ কৰা মানুহৰ দেশখনত অভাব নাই।বিজেপি চৰকাৰক ভাল বোলাসকলে নৰেন্দ্ৰ মোডীক অদ্বিতীয় তথা সৰ্বকালৰ যোগ্য প্ৰধানমন্ত্ৰী বুলি কৈছে।আৰু যিসকলে তেওঁৰ বিপক্ষে, তেওঁলোকে তেওঁক ৰাজধৰ্ম পালন কৰি দেশৰ ঐক্য আৰু সংহতিৰ অৰ্থে কাম কৰিব পৰা নাই বুলি অভিযোগ কৰি থকা দেখা গৈছে।তেওঁলোকে ধৰ্ম নিৰপেক্ষ দেশখনত কেৱল হিন্দু ধৰ্মক আগস্থান দিয়া বুলি নৰেন্দ্ৰ মোডীক সৰ্বদিন দোষাৰোপ কৰি গৈছে।‘নাগৰিক সংশোধনী আইনখন’ত মুছলমানক গুৰুত্বহীন কৰা বুলি সমগ্ৰ দেশখনতে তুমুল প্ৰতিবাদ কৰা হৈছিল।দেশখনত ইতিমধ্যে ক’ভিড-১৯ হৈ আক্ৰান্ত নোহোৱা হ’লে নৰেন্দ্ৰ মোডী চৰকাৰখনে সেই আন্দোলনটো কেনেকৈ চম্ভালিলে হেতেন তাক আজি কোৱা টান।সময়ত এইবোৰ কেনে ৰূপ লয়, তাকে দেশৰ নাগৰিকে নিশ্চয় নিৰ্ণয় কৰিব।

বিশ্বব্যাপি এই মহামাৰীটো হোৱাৰ আগৰ পৰাই দেশখনৰ অৰ্থনৈতিক অৱস্থাটো ক্ৰমান্নয়ে বেয়াৰ দিশে গতি লৈছিল আৰু তাৰ পৰা সকাহ পাবলৈ ৰিজাৰ্ভ বেঙ্কৰ পৰা একাধিকবাৰ ধন লোৱা হৈছিল।সেই ব্যৱস্থাই দেশৰ অৰ্থনৈতিক অৱস্থাটো উন্নত কৰা দূৰৰ কথা, সি তেনে কামত কোনো ইতিবাচক গতি লাভ নকৰিলে।বৰ্তমান তলাবন্ধৰ ফলত দেশৰ অৰ্থনীতি সম্পূৰ্ণ বিধ্বস্ত হৈছে।‘ৰিজাৰ্ভ বেঙ্ক অৱ ইন্দিয়া’ৰ পৰা লোৱাৰ উপৰি বিশ্ববেঙ্কৰ পৰাও এই পৰিস্থিতি মোকাবিলা কৰিবলৈ বিশাল ধনৰাশিৰ ঋণ বিজেপি চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে।চৰকাৰখনে কেনে দক্ষতাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দেশখন আগন্ত্তক বিপদৰ পৰা ৰক্ষা কৰিব পাৰে, সেয়া সময়ে নিৰ্ণয় কৰিব।

বিমুদ্ৰাকৰণৰ সময়ত হঠাত্ ঘোষণা কৰি দেশখন বহু দিনলৈ গভীৰ সংকটত পেলোৱাৰ দৰে, এই বেলিও হঠাত্ তলাবন্ধ ঘোষণা কৰাৰ ফলত লক্ষ লক্ষ মানুহৰ বিলাই-বিপত্তি নোহোৱা হৈছে।বিশাল দেশখনৰ য’ৰে মানুহ ত’তে বন্ধ হৈ যোৱাত, পৰবৰ্তী কালত তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিল।চৰকাৰে সেই অৱস্থাটো কিমান ভয়ঙ্কৰ হ’ব পাৰে, তাৰ বোধহয় অনুমান কৰিব পৰা নাছিল।চৰকাৰে বহুতো ঠাইত সাহাৰ্য প্ৰদান কৰাৰ উপৰি অন্নদান কৰাৰ পাছতো অৱস্থটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ’ল।বিশেষকৈ শ্ৰমিক শ্ৰেণীয়ে পেটৰ অন্ন মুঠিৰ অভাৱত হাহাকাৰ কৰি উঠিল।প্ৰাণৰ ভয়ত শ শ মাইল নহয়, হেজাৰ হেজাৰ মাইল আবাল-বৃদ্ধ-বনিতাই খোজকাঢ়িয়ে নিজ নিজ স্থানলৈ যাত্ৰা আৰম্ভ কৰিলে।ফলত ভালেমান মানুহ পথৰ আধাতে মৃত্যুৰ মুখত পৰিল।মহ্ম্মদ বিনটোঘলকে দিল্লীৰ পৰা দেৱগিৰীলৈ দুবাৰকৈ ৰাজধানী স্থানান্তৰ কৰাৰ সময়ত ভয়ঙ্কৰ দুৰ্ঘটনাটো ঘটাৰ দৰে, এই বেলি তলাবন্ধৰ সময়ত অবৰ্ণনীয় ঘটনাবোৰ ঘটিল আৰু সি এতিয়াও চলিয়ে আছে।বিশাল দেশখনৰ যেনিয়ে-তেনিয়ে মানুহবোৰে প্ৰাণৰ ভয়ত যাত্ৰা আৰম্ভ কৰি দিয়াত পথ-ক্লান্ত হৈ তেওঁলোকৰ মৃত্যু পৰ্যন্ত ঘটিল।ক’ৰবাত যদি ভোকত মানুহ মৰিল, আন ক’ৰবাত আকৌ ৰেল-আলিতে শুই থাকোঁতে ৰেলে কাটি ছেও ছেও কৰিলে।যি যেনেকৈ পাৰে তেনেকৈ অহাত মটৰ, ট্ৰাক দুৰ্ঘটনাতো মানুহৰ কৰুণ মৃত্যু হৈছে।চৰকাৰৰ বাধাৰ বাবে মানুহে মালবাহী ট্ৰাকটো সংগোপনে পলায়ন কৰিছিল, আৰু আন কিছুমানে আকৌ উপায়ান্তৰ হৈ পকা কামৰ বাবে ‘মছলা’ তৈয়াৰ কৰা ডাঙৰ বাহনতে নিজ স্থানলৈ যোৱাৰ পৰিকল্পনা কৰি পুলিচৰ হাতত ধৰা পৰিছিল।দেশখনৰ অজস্ৰ স্থানৰ পৰা দিনৌ হেজাৰ হেজাৰ শ্ৰমিকে আপোন গৃহলৈ যাবলৈ উত্ৰাৱল হৈ পথলৈ ওলাই আহিল।তেনে দুৰ্গতিৰ দিনতো আকৌ এচামে সেই শ্ৰমিকসকলৰ হাতত যি দুই-এটকা আছিল, তাকো দকা-হকা দি কাঢ়ি লৈছে।ফলত তেনে পথক্লান্ত পথিক অসহায় অৱস্থাত পথতে ঢলি পৰি মৃত্যুক সাৱটি লৈছে।‘দৈনিক অসম’ৰ (১৭ অক্টোবৰ ২০২০)ত লিখা সম্পাদকীয়টোৱে দেশৰ অৱস্থাটোৰ হৃদয়স্পৰ্শী বৰ্ণনা এটি দি এইবোৰ কাহিনী প্ৰকাশ কৰিছে।শেহতীয়াভাবে তেওঁলোকক স্বগৃহলৈ নিবৰ বাবে ৰেলৰ যাতায়ত আৰম্ভ কৰা হৈছে।লকডাউন বা তলাবন্ধৰ আগতে সেইবোৰ মানুহক সতৰ্ক কৰি স্বগৃহলৈ যাবলৈ সময় দিয়া হ’লে, দেশখনে আজিৰ এই অৱস্থাটোৰ সম্মুখীন হ’ব নালাগিল হেতেন বুলি দেশখনৰ নাগৰিকসকলে কোৱা-কুই কৰিছে।শেহতীয়াকৈ কৰা ব্যৱস্থাই দেশখনত মহামাৰীটো সমগ্ৰ দেশখনতে বিয়পোৱাৰ কাৰক হৈ পৰিছে বুলি আজি সকলোৱে অনুভৱ কৰিছে।

মানুহক এতিয়া প্ৰধানমন্ত্ৰীজনে সকলোৱে নিজে উত্পাদন কৰি স্বগৃহতে আত্মনিৰ্ভৰশীল হ’বলৈ পৰামৰ্শ আগবঢ়াইছে।সকলো কাম সকলোৰে নহয়।তাৰ উপৰি দেশৰ সকলো ঠাইতে বেপাৰ-বাণিজ্য কেন্দ্ৰ বা উদ্যোগসমূহ সমানে নাই।গতিকেই স্ব-স্থানতে থাকি উত্পাদন কৰা পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ শ্ৰমিকৰ কোনো স্বাৱলম্বী ব্যৱস্থা  নাই।কৃষিকৰ্ম কৰিবলৈ তেওঁলোক সকলো কৃষক নহয়।বহুতৰে আকৌ সেই কাম কৰিবলৈ ভূমি বা হাল-কোৰ যোগাৰ কৰাৰ ব্যৱস্থাসমূহ নাই, ক্ষমতাও নাই।দৰিদ্ৰ কৃষকে বেঙ্কৰ ঋণ লৈ কৃষি কৰ্মত মন দিবলৈ দেশৰ এনে অস্বাভাৱিক অৱস্থাত সাহস কৰাৰ প্ৰশ্ন নুঠে।যিসকলে ইতিমধ্যে বেঙ্ক বা ধনী মানুহৰ পৰা ঋণ লৈ শস্য উত্পাদন কৰিছিল, সেইবোৰ তলাবন্ধৰ সময়ত বিতৰণৰ অসুবিধা সেতু সম্পূৰ্ণ বিনস্ত হৈছে।দেশত বৰ্তমান কোনেও সহায়ৰ উদ্দেশ্যে কাৰোৰ মুখলৈ চাব নোৱাৰা হৈছে।চৰকাৰী চাকৰিয়াল সকলে যেনেতেনে দুবেলা-দুমুঠি খাই পেট প্ৰৱৰ্তাই আছে।তেওঁলোকৰো মৰগীয়া বানচ বন্ধ হৈ যোৱাত বিপদত পৰিছে।কৰ্ট-কাছাৰীৰ লক্ষ লক্ষ কৰ্মচাৰী তলাবন্ধ হৈ থকাৰ বাবে কি ধৰণৰ বিপদৰ সম্মুখীন হৈছে, সেই কথা তেওঁলোকৰ বাদে আন কোনেও নাজানে।লক্ষ-কোটি ক্ষুদ্ৰ ব্যৱসায়ীয়ে তেওঁলোকৰ সৰু সৰু ব্যৱসায়বোৰ বন্ধ হৈ হোৱাত উপাৰ্জনৰ সকলো পথ হেৰুৱাই চতুৰ্দিশে অন্ধকাৰ দেখিছে।ডাঙৰ ব্যৱসায়ীসকলেও সকলো প্ৰকাৰৰ বণিজত বিপুল ক্ষতিৰ সম্মুখীন হ’ব লগা হৈছে।দেশখন কেৱল এমুঠি মানুহৰ বিশেষ উপাৰ্জনৰ পৰা চলি নাথাকে, ইয়াত শ্ৰমিক-খৰিভাৰীৰ পৰা সদাগৰ-ৰজালৈকে সকলোৰে অৰিহণা ‘নখ জোকাৰিলে নৈ বই যোৱা’ৰ সূত্ৰত জৰিত হৈ থাকে।কোনো মানুহৰ মুখৰ বৰ বৰ কথাত বিশ্বৰ কোনো দেশৰে অৰ্থনীতি কাহানিও সবল হোৱা নাই আৰু আগলৈও নহ’ব।দেশৰ অৰ্থনৈতিক অৱস্থাটো কেৱল মুখবলী মানুহবোৰে সৰ্বকাল নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে।দেশখনত চাইকেলখনৰ পৰা ৰেল-উৰাজাহাজলৈকে যান-বাহনবোৰ নিয়ম মতে চলি নাথাকিলে দেশৰ ৰাজহাড় পোন হৈ থাকিব নোৱাৰে।যি মানুহে তামোল-পাণ বেচা বা চুলিকটা মানুহৰপৰাও দেশৰ ৰাজকোষলৈ পৰোক্ষভাৱে নিৰন্তৰ ধন গৈ থাকিলেহে দেশ চলে বুলি নাজানে, সেই মুখচহকী মানুহবোৰে দেশখনৰ অৰ্থনীতি যাদু কৰি সবল কৰি ৰাখিব নোৱাৰে।দেশখনত পথৰ ভিক্ষাৰীৰ পৰা বাটে-পথে ঘূৰি ফুৰা ভটুৱা কুকুৰ কেইটাও যে খাদ্য খাইহে জীয়াই থাকে সেই কথাও জানিব লাগিব।দিনৌ কোটি কোটি ধন উপাৰ্জন কৰা ধৰ্মীয় অনুষ্ঠানবোৰে দুমাহ তলাবন্ধ হওঁতেই অৰ্থনৈতিক অৱস্থা কেনেকৈ দুৰ্বল হৈ পৰে, সেই কথা দুবলা-দুমুঠি কষ্টেৰে খাই-বই থকা জনসাধাৰণে নাজানে।দেশৰ অৰ্থনীতি কেনেকৈ সবল কৰি ৰাখিব পাৰি, সেই কথাৰ সামান্য জ্ঞান নথকা মানুহো আমাৰ দেশত ডাঙৰ ডাঙৰ নেতা হোৱাটো এটা অতি পৰিতাপৰ বিষয়।ধন খৰচ কৰোঁতে মুখলৈ নোচোৱা দেশৰ এচাম ৰাজনীতিৱিদে কেনেকৈ দেশখন বিপদৰ মুখলৈ ঠেলি দিছে, সেই কথা ভাবিলেও বিজ্ঞজন ভয়ত শঙ্কিত হৈ পৰে।বেঙ্কৰ ধন ঋণ লৈ সেই ধাৰ পৰিশোধ কৰিব নোৱাৰিলে দেশ যে মহা বিপদত পৰে, সেই কথা শিশু এটাইও জানে।চৰকাৰে হকে-বিহকে কোটি কোটি ঋণ ল’লে, সেই ঋণৰ বোজা দেশৰ সাধাৰণ নাগৰিকৰ ওপৰত পৰে আৰু তেনেকৈয়ে দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰে।বৰ্তমান সময়টো বৰ নিদাৰুণ।বিশ্বব্যাপি অৰ্থ সংকটে জগতখনকে কেনেকৈ সম্পূৰ্ণ বিকল কৰি তুলিছে, সেই কথা ভাবিলে আগন্ত্তক দিনবোৰ কেনে অনিশ্চয়তাৰ মাজলৈ গতি কৰিছে সেই কথা উপলব্ধি কৰিব পাৰি।ইয়াৰ পৰা কি উপায়েৰে ত্ৰাণ পাব পাৰি সেই বিষয়ে বিশ্বই পূৰ্ণসহযোগেৰে আগ বাঢ়িলেহে বিশ্ববাসীয়ে উদ্ধাৰ পাব।

লেখকৰ ফোন নং-০৯৪৩৫৪ ৮৬১৯