Breaking

গভীৰ প্রেমেৰে গীনিজ বুকত স্থান লাভ জেমছ–ক্ল’ লাষ্টেডৰ

0 543

ব্রিটেইনৰ এক দম্পতীৰ নজিৰবিহীন প্রেম কাহিনীয়ে গীনিজ ৱর্ল্ড ৰেকর্ড কৰিবলৈ সক্ষম হৈছে৷ এই দম্পতীৰ নাম হৈছে জেমছ আৰু ক্ল’ লাষ্টেড৷ প্রেম যে অন্ধ জেমছ আৰু ক্ল’ৰ কাহিনীয়ে তাক প্রমাণ কৰি দিছে৷ উল্লেখনীয় যে ৩৩ বছৰীয়া বামন জেমছ হৈছে পেশাত এগৰাকী অভিনেতা৷ ইফালে, ২৭ বছৰীয়া ক্ল’ লাষ্টেড এগৰাকী শিক্ষয়িত্রী৷ ২০১৬ চনত দুয়ো বিবাহপাশত আবদ্ধ হয়৷ দুয়োৰে শৰীৰৰ উচ্চতাৰ মাজত বৃহৎ ব্যৱধান থকা সত্ত্বেও পৰস্পৰে পৰস্পৰক সাংঘাতিক ভাল পায়৷ জেমছৰ বাবে তেওঁৰ পত্নী ৫ ফুট ৫ ইঞ্চি উচ্চতৰ ক্ল’ এগৰাকী প্রাণাধিক তথা মমতাময়ী মহিলা৷ ইফালে, ৩ ফুট ৭ ইঞ্চি উচ্চতাৰ জেমছকো গভীৰভাৱে ভাল পায় পত্নীয়ে৷ দুয়োগৰাকীৰ মাজত উচ্চতৰ ব্যৱধান ১ ফুট ১০ ইঞ্চি৷ তথাপি দুয়োৰে মাজত আছে গভীৰ প্রণয়৷ এই প্রণয়ৰ বাবেই শাৰীৰিক উচ্চতাৰ ব্যৱধান সত্ত্বেও গীনিজ বুকত নাম খোদিত কৰিবলৈ সক্ষম হৈছে জেমছ আৰু ক্ল’ৱে৷

Leave A Reply