Breaking

যুৱ – ছাত্ৰ পৰিষদৰ সহযোগত বাঁহগড়া নাট্য মন্দিৰত ক’ভিড – ১৯ প্ৰতিষেধক টিকাকৰণ

0 1,223

নাজিৰা স্বাস্থ্য বিভাগৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ সহযোগত ২০ জুলাইত বাঁহগড় নাট্য মন্দিৰত ক’ভিড – ১৯ৰ প্ৰতিষেধক টিকাকৰণ প্ৰদান কৰা হয়।আজিৰ প্ৰতিষেধকৰ টিকাকৰণ প্ৰদান কৰা শিৱিৰটিত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰাঞ্জল কুমাৰ চহৰীয়া,সত্যজিত মিলি,টুনু কলিতা,বিকাশ গগৈকে আদি কৰি লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ, উপ-সভাপতি দাদুল নেওগ,যুটীয়া সম্পাদক শংকুমণি কলিতা,সমাজসেৱা সম্পাদক ভাস্কৰজ্যোতি মহন্ত,নাজিৰা আঞ্চলিকৰ সভাপতি বুবলু দত্ত আৰু সাধাৰণ সম্পাদক দেৱজিত দাসৰ লগতে আন সদস্যসকল উপস্থিত থাকি সহযোগ আগবঢ়ায় । স্থানীয় গাঁওবাসী ৰাইজক ক’ভিড – ১৯ ৰ প্ৰতিষেধকৰ টিকাকৰণ  প্ৰদান কৰাৰ বাবে নাজিৰা স্বাস্থ্য বিভাগকৰ বিষয়ববীয়াসকলক ফুলাম গামোছাতে সম্বৰ্ধনা জনাই ধন্যবাদ জ্ঞাপন কৰে সংগঠনটিৰ বিষয়ববীয়াসকলে।

Leave A Reply