Breaking

নাজিৰা তেল খাদত নিয়োজিত ৯ জনৰ দেহত ক’ভিড-১৯ পজিটিভ

0 1,263

গেলেকী : নাজিৰা মহকুমা অন্তৰ্গত (চেলেং পথাৰ) নিৰ্মলীয়া গাঁৱত অৱস্থিত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ এটি তেল খাদত নিয়োজিত কৰ্মচাৰীসকলৰ ৩১ জুলাইলৈকে ৫৫জন কৰ্মচাৰীৰ স্বোৱাব পৰীক্ষাৰ অন্তত ৯ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে। এই তথ্য লাভ কৰা পাছতে নাজিৰা মহকুমা প্ৰশাসনে ততালিকে তেল খাদটো কনটেইনমেণ্ট জ’ন হিচাবে চিনাক্ত কৰি ঘোষণাৰ বাবে ব্যৱস্থা গ্ৰহণৰ লগতে আক্ৰান্ত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ইয়াৰোপৰি তেল খাদৰ এলেকাটো বীজাণুনাশকৰণ কৰা হৈছে। ঠিক সেই সময়ত কোনো লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেখেতসকলৰ সংস্পৰ্শত আহিছিল বুলি অনুভৱ কৰে। তেন্তে স্ব-ইচ্ছাৰে স্বোৱাব পৰীক্ষা কৰিবৰ বাবে সদৰ প্ৰশাসনৰ তৰফৰ পৰা তেখেত লোকক অনুৰোধ জনোৱা হৈছে। আনহাতে ৰাইজক ভয় অথবা শংকা মনত নাৰাখিবৰ বাবে নাজিৰা মহকুমা প্ৰশাসনে পুনৰবাৰ অনুৰোধ জনাইছে।

Leave A Reply