Breaking

নগাঁৱৰ বটদ্ৰৱাত কোৱাৰেণ্টেইন অৱস্থাত থকা এজনৰ দেহত কোভিড ১৯ পজিটিভ

0 37

নগাঁও

নগাঁও জিলাত নতুনকৈ ক’ৰোণাত আক্ৰান্ত হৈছে আন এগৰাকী ।নতুনকৈ ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগী গৰাকীৰ নাম নাজিবুল হুছেইন। বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ত কোৱাৰেণ্টেইনত  হৈ থকা অৱস্থাত নাজিবুলৰ দেহত ক’ভিড ১৯ৰ অবস্হিতি ধৰা পৰে। চেন্নাইৰ পৰা অসমলৈ আহিছিল নাজিবুল। কোৱাৰেণ্টেইনত থকা অৱস্থাতে নাজিবুলৰ ক’ৰোনা ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে। নাজিবুলক চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়তে ভৰ্ত্তি কৰা হ’ব। আজি ড° হিমন্তবিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল নগাঁৱৰ ক’ভিড হাস্পতালখন। এই চিকিৎসালয়খনৰ প্ৰথম গৰাকী ৰোগী হ’ব নাজিবুল হুছেইন।

Leave A Reply