Breaking

নাজিৰাত দ্বিতীয় গৰাকী যুৱতীৰ ক’ভিড-১৯ পজিটিভ : আক্ৰান্তৰ গৃহত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

0 103

নাজিৰা

সমগ্ৰ দেশতে ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰাৰ দৰে নাজিৰাতো এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পোৱাত জনসাধাৰণৰ মাজত গভীৰ উদ্বেগ সৃষ্টি হৈছে। উল্লেখযোগ্য যে বহিঃৰাজ্যৰ পৰা অহা নাজিৰা মহকুমাৰ গেলেকী ন আলিৰ আব্দুল হাচিমৰ পুত্ৰ আব্দুল চামিম যোৱা ১৮ মে’ত ক’ৰোনাত আক্ৰান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত থাকিবলগীয়া হোৱাৰ পাছতেই পুনৰ যোৰহাটত কোৱাৰেণ্টাইনত পুনৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে নাজিৰা নগৰৰ কাষৰ ওপৰ নাজিৰা সন্দিকৈ গাঁৱৰ নিবাসী পুলিন দত্তৰ ২২ বছৰীয়া কন্যা নৱ মল্লিকা দত্ত নামৰ যুৱতীগৰাকী। কলকাতাৰ এটা কোম্পানীত চাকৰি কৰা যুৱতীগৰাকী বহিঃৰাজ্যৰ পৰা আহি যোৰহাটত কোৱাৰেণ্টাইনতেই আছিল আৰু তেওঁ ক’ভিড-১৯ত আক্ৰান্ত বুলি ইতিমধ্যে সদৰী কৰিছে কৰ্তৃপক্ষই৷ এওঁকে লৈ বহিঃৰাজ্যৰ পৰা অহা নাজিৰাৰ ক’ভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি পালে। এই খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ নাজিৰাত বৃদ্ধি পাব ধৰিছে শংকা আৰু উদ্বেগৰ লগতে মৃদু আতংকময় পৰিৱেশ। কাষৰীয়া জনসাধাৰণৰ মাজত এই খবৰ বিয়পি পৰাৰ লগে লগেই নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া যুৱতীগৰাকীৰ গৃহত উপস্থিত হৈ পিতৃ পুলিন দত্ত, মাতৃ আৰু পৰিয়ালৰ আন আনসকলৰ স্বাস্থ্যৰ খবৰ লয় আৰু পৰিয়ালটোক নিৰ্ভয়ৰ বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়ায়। আনহাতে নাজিৰা মহকুমা প্ৰশাসনৰ হৈ ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ, নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ি সুশীল কুমাৰ দত্তই পৰিয়ালটোৰ গৃহত উপস্থিত হৈ সকলো খবৰ লোৱাৰ উপৰি পৰিয়ালটোক ল’বলগীয়া সাৱধানতাৰ বিষয়ে পৰামৰ্শ আগবঢ়ায়৷ পৰিয়ালটোত নাজিৰা, শিৱসাগৰৰ চিকিৎসক, স্বাস্থ্য কৰ্মীসকল উপস্থিত হৈ যুৱতীগৰাকীৰ পৰিয়ালৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিয়ালটোৱে পাবলগীয়া স্বাস্থ্য সম্পৰ্কীয় সাৱধানতাৰ পৰামৰ্শ আগবঢ়ায়৷ উল্লেখযোগ্য যে নাজিৰা মহকুমা প্ৰশাসনে বহিঃৰাজ্যৰ পৰা অহাসকলৰ বাবে ৭ টি কোৱাৰেণ্টাইন চেণ্টাৰ সাজু কৰি ৰখাৰ উপৰি ২৯৯ জনক ৰখাৰ যাৱতীয় ব্যৱস্থাৰে গড়গাঁও মহাবিদ্যালয়, নাজিৰা মহাবিদ্যালয়, নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, গেলেকী মহাবিদ্যালয়, ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰী শ্ৰী গো-শালা প্ৰেক্ষাগৃহ, চকীমুখ টমটমতলাস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত চিকিৎসাৰ সকলো ব্যৱস্থাৰে সাজু কৰি ৰাখিছে বুলি মহকুমা প্ৰশাসনৰ পৰা জনাইছে৷

Leave A Reply