Breaking

এম এ চিৰ ১৩ নং চিচিমুখ পৰিষদীয় সমষ্টিত ক’ভিড সজাগতা সভা

0 1,034

মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিৰ অন্য পৰিষদীয় সমষ্টিবোৰৰ দৰে ১৩ নং চিচিমুখ পৰিষদীয় সমষ্টিটো মহামাৰি ক’ভিড বিৰোধী সজাগতা সভা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ ২ জুলাইৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হোৱা ক’ভিড সজাগতা সভাত পৰিষদীয় সমষ্টিটোৰ সকলো গাঁৱক সামৰি লোৱা হয় ৷ সজাগতা সভাবোৰত কাইটং, যোৰকটা, চিচিমুখ চাৰিআলি, চিচিমুখ পঞ্চায়ত, বেঙেনাগড়া, বৰপাক, বঙালমাৰী, দক্ষিণ ধেমাজি অঞ্চলবোৰৰ গাঁৱত প্ৰচাৰ তথা সজাগতা সভা অনুষ্ঠিত কৰে ৷ সজাগতা সভাত ১৩ নং চিচিমুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্যা লাৱণ্য মিলি, মাছখোৱা ব্লক গণশক্তিৰ সভাপতি যতীন চেতিয়া, সম্পাদক মৃদুল বৰুৱা, যোৰকটা মণ্ডল গণশক্তিৰ সম্পাদক ৰবীন দলে, চিচিমুখ গণশক্তিৰ সম্পাদক ফিৰোজ পেগু, টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য কৃষ্ণকান্ত দলে আৰু টি এম পি কে, এম এম কে, টি এম এম কেৰ চিচিমুখ আঞ্চলিকৰ কৰ্মী-সদস্য সকল উপস্থিত থাকে ৷

Leave A Reply