ক’ভিডত আক্রান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক’ভিডত আক্রান্ত। ২০২০ বৰ্ষৰ আগষ্ট মাহতো প্ৰথমবাৰৰ বাবে কভিডত আক্ৰান্ত হৈছিল। ইফালে ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ টেষ্ট। ক’ভিডৰ টেষ্ট হ্ৰাস পাইছে যদিও কমা নাই সংক্ৰমিতৰ হাৰ। বুধবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ ৯.৮৫ শতাংশ।

সৰ্বমুঠ ক’ভিডৰ টেষ্ট সম্পন্ন হৈছিল ১৯ হাজাৰ ৮০৩ টা। দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ১৯৫১ জন । কেৱল কামৰূপ মহানগৰীতে আক্ৰান্ত ৪২২ জন। দিনটোত ৰাজ্যত বৃদ্ধি মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ২১ জন ক’ভিড ৰোগীৰ মৃত্যু।

Related Articles