Breaking

ওৰাং চাৰিআলিত ঈদৰ বজাৰত ক’ভিড প্ৰট’কল ধোঁৱা চাঙত

0 1,214

অতিমাৰী কৰ’ণাক লৈ সমগ্ৰ দেশ চিন্তিত হৈ থকাৰ সময়ত ওদালগুৰি জিলাৰ ওৰাঙ চাৰিআলি আজি দুদিন ধৰি সাপ্তাহিক বজাৰলৈ ৰূপান্তৰিত হোৱাত সচেতন মহলে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷চৰকাৰৰ কঠোৰ নীতি নিয়ম ভৰিৰে মোহাৰি কি ক্ৰেতা কি বিক্ৰেতা সকলোৱে কভিড প্ৰট’কল ভংগ কৰি ওৰাং মাজবাট পথত ভিৰ কৰিছে ৷ঠেলা হেচা কৰি বজাৰ কৰিছে যদিও সিংহভাগৰে মূখত নাই মাক্স ৷কৰ’ণা যেন কাহানিবাই বিদায় লৈছে ওৰাঙৰ পৰা ৷ওদালগুৰি জিলাৰ সীমান্তত থকা ওৰাং চাৰিআলিৰ গাতে লাগি আছে শোণিতপুৰ জিলা ৷শোণিতপুৰ জিলাত লকডাউন চলি থকা বাবে বিশেষভাবে শোণিতপুৰৰ চিৰাজুলি অঞ্চলৰ লোকে ঈদৰ বজাৰ কৰিবলৈ হেতা ওপৰা লগাইছে ৷ক’ভিড১৯ ৰ প্ৰট’কল ভংগকৰি এনে জনসমাগম সৃষ্টি হোৱাৰ পিছতো সংশ্লিষ্ট বিভাগে  কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে ৷

Leave A Reply