Breaking

ক’ভিড প্রট’কল উলংঘাঃ২৪খন বাহন জব্দ ; ২.৩১ লাখ টকা জৰিমনা সংগ্রহ আৰক্ষীৰ

0 1,538

গুৱাহাটী মহানগৰীত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্রান্তৰ সংখ্যা৷ বিগত ১০ দিনত দুই হাজাৰৰো অধিক লোক ক’ৰোনাত আক্রান্ত হৈছে৷ গুৱাহাটী মহানগৰীত ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ বাবে ক’ভিড প্রট’কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী প্রশাসন৷

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াসকলে কালি কেইবাটাও স্থানত অভিযান চলায়৷ ক’ভিড প্রট’কল উলংঘাকাৰীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান চলাই কালিৰ দিনটোতে ২.৩১ লাখ টকা জৰিমনা সংগ্রহ কৰে৷ ক’ভিড প্রট’কল উলংঘা কৰাৰ অপৰাধত মহানগৰ যান–বাহন শাখাৰ আৰক্ষীয়ে ২৪খন বাহন জব্দ কৰাৰ লগতে ৪৭৬টা নন–এফ আই আৰ গোচৰ ৰুজু কৰে৷

Leave A Reply