Breaking

ভোটগণনাত জড়িত থাকিবলগীয়া বিষয়া-কৰ্মচাৰীৰ ক’ৰনা টেষ্ট

0 531

ক’ভিডৰ ভয়াৱহ সংক্ৰমণৰ মাজতে ২ মে’ত ঘোষণা কৰিব বিধানসভা নিৰ্বাচনৰ ফলাফল। ক’ভিড প্ৰট’কল মানি হ’বলগীয়া ভোটগণনাৰ পূৰ্বে ভোটগণনাৰ সময়ত জড়িত হৈ থাকিবলগীয়া বিষয়া-কৰ্মচাৰী, সংবাদ-মাধ্যম, প্ৰাৰ্থী তথা প্ৰাৰ্থীৰ এজেন্টৰ ক’ভিড টেষ্ট কৰে। ডিব্ৰুগড় চহৰৰ চৰকাৰী ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত হ’বলগীয়া ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলগীয়া অনুমোদিত সকলো লোকৰ বাবে ক’ৰনা টেষ্ট বাধ্যতামূলক কৰা হৈছে। যাৰ ফলত শুক্ৰবাৰে চহৰখনৰ চৌকিডিঙ্গি খেলপথাৰত হৈ থকা ক’ভিড টেষ্টত দুগৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰনা পজিটিভ।

Leave A Reply