Breaking

ক’ভিডৰ তৃতীয় ঢৌত মৃত্যু ঘটা ৬০ শতাংশ লোকেই আংশিক বা সম্পূৰ্ণৰূপে টিকাকৰণ নকৰা লোক

0 2,021

অতিমাৰী ক’ভিডে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। দেশত এতিয়ালৈকে বহু লোকৰ প্ৰাণ কাঢ়ি নিছে ক’ভিডে। এনে সময়তে আন এক তথ্যই বহুতকে চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে। সেয়া হৈছে একেবাৰে ভেকচিন গ্ৰহণ নকৰা অথবা আংশিক ভাবেহে ভেকচিন গ্ৰহণ কৰা। ক’ভিডত আক্ৰান্ত হৈ সৰ্বাধিক হাৰত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। এখন ব্যক্তিগত চিকিৎসালয়ে চলোৱা এক অধ্যয়নত কোৱা হৈছে যে কোভিড মহামাৰীৰ তৃতীয় ঢৌৰ সময়ত মৃত্যু হোৱা ৰোগীসকলৰ ৬০ শতাংশই হয় আংশিক বা সম্পূৰ্ণৰূপে টিকাকৰণ নকৰা লোক। মেক্স হেল্থকেয়াৰৰ অধ্যয়নত কোৱা হৈছে যে কোভিডত মৃত্যু ঘটা লোকসকলৰ ভিতৰত ৭০ বছৰতকৈ অধিক বয়সৰ লোক,যিসকলে বৃক্কৰ ৰোগ, হৃদৰোগ, মধুমেহ, কৰ্কট ৰোগ আদিৰ দৰে একাধিক ৰোগত ভুগি আছিল তেওঁলোকৰ মাজৰে বেছি সংখ্যক লোকে মৃত্যুক সাৱটি লৈছে।

চিকিৎসালয় খনৰ অধ্যয়নত প্ৰকাশ পোৱা মতে মেক্স হেল্থকেয়াৰত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ৮২ গৰাকী লোকৰ ভিতৰৰে মৃত্যু ঘটা ৬০ শতাংশ লোকেই হয় আংশিকভাবে অথবা একেবাৰে টিকাকৰণ নকৰা লোক। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনেও এই কথা কৈ আহিছে যে যিসকল ৰোগী ইমিউনোকম্প্ৰমিছড আৰু আন জটিল ৰোগত আক্ৰান্ত তেওঁলোকৰ মাজতে মৃত্যুৰ ঘটনা অধিক হোৱা দেখা গৈছে। কোভিডৰ তৃতীয় ঢৌৰ সময়ত মাত্ৰ ২৩.৪ শতাংশ ৰোগীক অক্সিজেনৰ প্ৰয়োজন হৈছিল, দ্বিতীয় ঢৌৰ সময়ত ৭৪ শতাংশ আৰু প্ৰথম ঢৌৰ সময়ত ৬৩ শতাংশ ৰোগীক অক্সিজেন দিবলগীয়া হৈছিল। অৰ্থাৎ ক’ভিডৰ তৃতীয় ঢৌৱে অধিকাংশ ৰোগীকে প্ৰথম অথবা দ্বিতীয় ঢৌৰ দৰে ধৰাশায়ী কৰিব পৰা নাই। ভাৰতত সেইবাবেই ক’ভিডৰ ভেকচিন গ্ৰহণৰ বাবে চৰকাৰে বিভিন্ন মাধ্যমৰ জৰিয়তে দেশবাসীক আহ্বান জনাইছে। দেশত এতিয়াও বহুলোকে ভেকচিন গ্ৰহণ কৰিবলৈ বাকী থকাত কোভিডৰ অধিক সংক্ৰমণৰ আশংকা কৰা হৈছে।

Leave A Reply