Breaking

ক’ভিডৰ তৃতীয় ঢৌত উৱা-দিহ হেৰুৱাব দেশবাসীয়ে!

0 2,064

ভাৰতত এতিয়া ক’ভিডৰ তৃতীয় লহৰ উঠিছে। বুধবাৰে পুৱালৈ নতুনকৈ ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৫৮,০৯৭ হৈছে। মৃতকৰ সংখ্যা হৈছেগৈ ৫৩৪। অৱশ্যে আৰোগ্য লাভ কৰিছে ১৫,৩৮৯ আক্ৰান্তই। ইপিনে, দেশত মুঠ ২,১৪,০০৪ লোকৰ দেহত সক্ৰিয় হৈ আছে ক’ভিডৰ ভাইৰাছত।

দেশৰ মেট্ৰ’ চহৰবোৰত দ্ৰুত গতিত সংক্ৰমণ হৈছে এই ভাইৰাছ। সপ্তাহৰ শেষৰ দিনকেইটাত সান্ধ্য আইন জাৰি কৰা প্ৰথমখন চহৰ দিল্লী। কৰ্ণাটকতো সান্ধ্য আইন জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰত ১৮,০০০ নতুন আক্ৰান্ত ধৰা পৰিছে। ভেকচিন পেনেলৰ বিশেষজ্ঞই আশংকা ব্যক্ত কৰিছে যে তৃতীয় ঢৌ অত্যন্ত ভয়াৱহ হ’ব। আনহাতে, অমিক্ৰন আক্ৰান্তৰ সংখ্য়া ২০০০ তকৈও অধিক হৈছেগৈ।

Leave A Reply