Breaking

চি পি আই নেতা শিৱ প্ৰসাদ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা সম্পন্ন ।

0 944

নাজিৰা : আজি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নিষ্ঠাবান প্ৰবীন কৰ্মী কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই দেৱৰ আদ্যশ্ৰাদ্ধৰ দিনটোত তেখেতক সোঁৱৰি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ স্মৃতি চাৰণ সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সমাজকৰ্মী গংগাপ্ৰসাদ বৰগোহাঁইয়ে ৷ ৯০ বছৰ বয়স গছকা কমৰেড শিৱপ্ৰসাদ বৰগোহাঁই এজন তেনেই সাধাৰণ কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে শাসকগোষ্ঠীয়ে আৰ চি পি আই কৰ্মী সকলৰ ওপৰত চলোৱা নিৰ্যাতন কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়েও ভুগিব লগীয়া হৈছিল ৷ তেখেত দুবছৰ দিন ধৰি জেল খাটিব লগীয়াও হৈছিল৷ জোকতলি মৌজাৰ প্ৰথম চাৰিজন আৰ চি পি আই সদস্য ভিতৰত অন্যতম আছিল শিৱপ্ৰসাদ বৰগোহাঁই ৷ পাছলৈ তেওঁ চি পি আই দলত যোগদান কৰি প্ৰাক্তন সাংসদ ও প্ৰাক্তন বিধায়ক দ্ৰুপদ বৰগোহাঁই দেৱৰ সৈতেও কাম কাজ কৰিছিল ৷ স্মৃতি চাৰণ সভাত বুৰঞ্জীবিদ, অৱসৰপ্ৰাপ্ত অধ্যাপক তথা কমিউনিষ্ট নেতা কমৰেড জিতেন বৰপাত্ৰগোহাঁই আৰু চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে কমৰেড শিৱপ্ৰসাদ বৰগোহাঁইয়ে সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখি কৃষক শ্ৰমিকৰ মুক্তি বিচাৰি যি পথ গ্ৰহণ কৰিছিল বুলি কয়৷ এজন সাধাৰণ কৃষক হিচাপে তেওঁ গ্ৰহণ কৰা নিস্বাৰ্থভাবে যি সেৱা আগবঢ়াই থৈ গ’ল সেইয়া অনুকৰণীয় বুলি কয় আৰু আজি বহু শিক্ষিত লোকেও ৰাজনৈতিক আৰু অৰ্থনৈতিক ভাৱে অসচেতনতাৰ হোৱাৰ বাবে দেশৰ এনে অৱস্থা হোৱা বুলি কয় লগতে নৱপ্ৰজন্মক দেশৰ স্বাৰ্থত নিজৰ নিজৰ অৱদান খিনি উজাৰি দিবলৈ আহ্বান জনায় ৷ সভাত পাৰ্টিৰ নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়াকে ধৰি ভালেকেইজন কৰ্মকৰ্তা উপস্থিত থাকে৷ সভাখনি আঁত ধৰে কমৰেড নিত্য বৰগোহাঁইয়ে ৷

Leave A Reply