Breaking

টিংখাঙৰ বিধায়ক বিমল বড়াৰ গ্ৰেপ্তাৰৰ দাবীত চিপিআই (এম এল)ৰ প্ৰতিবাদ

0 1,297

টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক টিংখাং আৰক্ষীয়ে লকডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা ঘটনাৰ প্ৰতিবাদত আৰু বিনাচৰ্তে মুক্তিৰ দাবীত কালি চিপিআই (এম এল)ৰ সমৰ্থকসকলে ৰাজগড়ৰ শ্বহীদবেদী তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰে। এক প্ৰেছ বিবৃতিত দলটোৱে কয় যে আচলতে কা বিৰোধী আন্দোলনত দুয়োজন নেতাই সক্ৰিয় হৈ ৰাইজক সংগঠিত কৰাৰ বাবেহে শাসকীয় দলৰ হেঁচাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজগড়ৰ শ্বহীদবেদী তিনিআলিত লকডাউন নিয়ম মানি প্ৰতিবাদকাৰীসকলে শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক মুক্তি দিয়ক, লক ডাউনৰ নিয়ম উলংঘা কৰাৰ অপৰাধত বিমল বড়াক গ্ৰেপ্তাৰ কৰক, টিংখাং আৰক্ষী ৰাইজৰ বাবে নে বিজেপিৰ বাবে জবাব দিয়ক, বিমল বড়াক কিয় গ্ৰেপ্তাৰ কৰা নাই জবাব লাগে, লক ডাউনক ৰাজনৈতিক কামত ব্যৱহাৰ কৰা বন্ধ কৰক, প্ৰতিশোধৰ ৰাজনীতি বন্ধ কৰক, কা আমি নামানো, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানৰে শ্বহীদবেদী তিনিআলি উত্তাল কৰি তোলে। কালিৰ কাৰ্যসূচীত কা বিৰোধী ঐক্য মঞ্চ, টিংখাঙৰ সহ সম্পাদক বলদেব তেলী উপস্থিত থাকে। চিপিআই (এম এল)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক বিতুপন বকলীয়ালে নেতৃত্ব প্ৰদান কৰা কালিৰ কাৰ্যসূচীত দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বলিন্দ্ৰ শইকীয়া, জিলা সমিতিৰ সদস্যা কুন্তী তাঁতী, মুকুট কোঁচ, বিনোদ মুড়া আদি উপস্থিত থাকে। আনহাতে ‘কা’ বিৰোধী ঐক্য মঞ্চ টিংখাঙৰ উদ্যোগত কালি যুৰীয়া আই থানত এখনি সংবাদ মেল অনুষ্ঠিত কৰা হয়। মঞ্চৰ সহকাৰী সম্পাদক বলিন্দ্ৰ শইকীয়াই আঁত ধৰা সংবাদ মেলত মঞ্চই বলদেব তেলীক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা ঘটনাৰ তদন্তৰ দাবীত গুৱাহাটী উচ্চ ন্যায়ালয়, আৰক্ষী দায়বদ্ধতা আয়োগ, মানৱ অধিকাৰ আয়োগ আৰু অসম চৰকাৰৰ মুখ্য সচিবলৈ এখনি অভিযোগ পত্ৰ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিয়ে। মঞ্চৰ সম্পাদক বিপ্লৱ বৰুৱাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰক গ্ৰেপ্তাৰ কৰা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰে। বৰুৱাই কয় যে যদি নামঘৰত চাকি জ্বলোৱাৰ যোগেদি আইন ভংগ কৰা হৈছে তেন্তে সমষ্টিৰ বিধায়ক বিমল বড়া একেটা দোষতে দোষী। তেন্তে বিধায়ক বিমল বড়াক কিয় গ্ৰেপ্তাৰ কৰা নহ’ব বুলি প্ৰশ্ন উত্থাপন কৰি বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰে। ‘কা’ বিৰোধী মঞ্চৰ সম্পাদকগৰাকীয়ে দাবী কৰা মতে বিধায়ক বিমল বড়াই সমষ্টিটোত সামাজিক দূৰত্ব, মুখত মাস্ক আদি নিপিন্ধাকৈ সভা সমিতি অনুষ্ঠিত কৰি আহিছে। তদুপৰি বিধায়কগৰাকীয়ে সমগ্ৰ ৰাজ্যখনত সন্ধিয়াৰে পৰা বলবৎ কৰা সান্ধ্য আইন ভৰিৰে মোহাৰি সমষ্টিটোত ব্যাপকভাৱে দলীয় কাম কাজ চলাই থকা বুলি সংবাদ মেলত অভিযোগ উত্থাপন কৰিছে। সংবাদ মেলত ‘কা’ বিৰোধী কৃষক মুক্তিৰ নেতা অখিল গগৈ, দেবাংগনা কলিতাসহ কাৰাৰুদ্ধ সকলোকে অতিশীঘ্ৰে মুক্তিৰ দাবী জনাইছে। কালিৰ সংবাদ মেলত মঞ্চৰ সহকাৰী সম্পাদক বলদেব তেলী, উপ সভানেত্ৰী দুৰ্গাৱতী সোনা, সহকাৰী সম্পাদক নিতুল বৰুৱা, সহকাৰী সম্পাদক মণ্টু দিহিঙ্গীয়া প্ৰমুখ্যে কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

Leave A Reply