Breaking

নাজিৰাত চিপিআইৰ ধৰ্মঘট

0 1,260

নাজিৰা : কালি চিপিআই ৰাজ্য পৰিষদৰ আহ্বান মৰ্মে ৰাজ্যজুৰি ২০ দফীয়া জনস্বাৰ্থ দাবীচনদৰ ভিত্তিত বিভিন্ন জিলা আৰু মহকুমা সদৰত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় ৷ ইয়াৰ অংশস্বৰূপে নাজিৰা নাট্যমন্দিৰ প্ৰাঙ্গণত চিপিআই নাজিৰা মহকুমা পৰিষদৰ উদ্যোগত ভালে সংখ্যক কৰ্মকৰ্তাই বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ অৱস্থান ধৰ্মঘট স্থলিত অংশগ্ৰহণ কৰি চিপিআই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা জিলা সম্পাদক কনক গগৈয়ে দাবী সমূহৰ তাৎপৰ্য ব্যাখ্যা কৰে আৰু চৰকাৰৰ অসম বিৰোধী কৃষক বিৰোধী শ্ৰমিক বিৰোধী যুৱ-ছাত্ৰ আৰু মহিলা বিৰোধী কামকাজক চোকা সমালোচনা কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মইমতালিয়ে গ্ৰহণ কৰা সিদ্ধান্ত সমূহেই দেশৰ আজি এই অৱস্থা বুলি কৈ তেখেতক সংবিধান সংসদীয় ব্যৱস্থাত বিশ্বাস ৰাখি কাম কৰিবলৈ কয় আৰু গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যসভাত পাছ কৰা আইন কেইখনৰ কৃষক বিৰোধী দফা সমূহ বাতিল কৰিবলৈও দাবী জনায় ৷ ইয়াৰ উপৰিও কা বাতিল আৰু অখিল গগৈক মুক্তি দিয়াকে ধৰি EIA -২০২০, NEP -২০২০ ত থকা জনগণ বিৰোধী দফা সমূহ বাতিল কৰিবলৈ দাবী জনায় ৷ মহকুমা সম্পাদক যোগেন চেতিয়াই আঁত ধৰা অৱস্থানস্থলিত চিপি নেতা ৰুহিত বড়া মহিলা নেত্ৰী ৰাণু বৰুৱাকে ধৰি ভালেকেইজন নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Leave A Reply