Breaking

মুকালমুৱাত চিপিআইএমৰ প্ৰতিবাদ

0 649

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ১৬ জুনৰ পৰা ৩০ জুনলৈ চিপিআইএমৰ পোষেকজোৰা আন্দোলনৰ অংশ হিচাপে আজি নলবাৰীৰ মুকালমুৱাত চিপিআইএমৰ কৰ্মী সকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ মুকালমুৱাৰ বৰলিয়াপাৰত চিপিআইএম বৰক্ষেত্ৰী শাখাৰ কৰ্মী সকলে প্ৰতিকুল বতৰকো নেওচি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ,পোষ্টাৰ, লাল পতাকা লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা যায় ৷ প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায়-হায়, কৃষি আইন বাতিল কৰক, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰক, মোডী চৰকাৰ হায়-হায় শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসুচীত চিপিআইএম নেতা ভুৱনেশ্বৰ বৰ্মনে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখন হৈছে পুজিপতিৰ আটাইতকৈ বহতীয়া চৰকাৰ, যোৱা ডেৰ মাহত প্ৰেট্ৰল ডিজেলৰ মুল্য বৃদ্ধি ২৮ বাৰকৈ বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ লোকৰ পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ প্ৰতিবাদী কাৰ্যসূচীত বাওঁপন্থী ছাত্ৰ নেতা গাজিউৰ ৰহমান চৌধুৰীয়ে অংশগ্ৰহণ কৰি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত দেশৰ গণতন্ত্ৰ ব্যৱস্থা তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে ৷ প্ৰতিবাদী কাৰ্য্যসূচীত শ্ৰমিক নেতা নুৰু হুছেইন আলী, ইছমাইল আলী, মায়াৰাম বৰ্মন, ৰেকিবুল হক, মনোজ তালুকদাৰ, হবিবৰ আলীসহ কেইবাজনো কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

Leave A Reply