Breaking

তেজপুৰত ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ

0 63

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ইয়াৰে স্থানীয় ঐতিহাসিক পলʼফিল্ডত এক ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে।

ক্ৰিকেট শিবিৰটোত বাংগালোৰস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ কেইবাজনো চাৰ্টিফিকেট প্ৰাপ্ত প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব। আজি পুৱা দহ বজাত ক্ৰিকেট শিবিৰটো শুভাৰম্ভ কৰে তেজপুৰ অতিৰিক্ত উপায়ুক্ত পংকজ বৰা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে।

লগতে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জিতেন বৰা, জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰূপকমল কাকতি, ৰাষ্ট্ৰীয় বক্সিং ৰেফাৰী পংকজ বৰা,প্ৰদীপ বৰঠাকুৰ,অভিজিৎ বৰা, সন্থাটোৰ জইন চেক্ৰেটেৰী ধীৰাজ ভট্টাচাৰ্য্য মুখ্য অতিথি ৰূপে থাকে, বক্সিং ৰেফাৰী পংকজ বৰাই ক্ৰিকেট খেলুৱৈয়ে কেনেদৰে বডী ফিটনেছ, বলিং-বেটিঙৰ বাবে কোনোবোৰ শাৰীৰিক ব্যায়াম অতিকৈ গুৰুত্বপূৰ্ণ সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

পোন্ধৰ দিনীয়া এই প্ৰশিক্ষণ শিবিৰত পুৱা ৮ আৰু বিয়লি ৩ বজাৰ পৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি আয়োজকসকলে জনাইছে।

Leave A Reply