Breaking

ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া শ্বেট্টীৰ বিবাহ সম্পন্ন; কৰিলে ফটো শ্বেয়াৰ…

0 81

অৱশেষত ২৩ জানুৱাৰী সোমবাৰে সন্ধিয়া ৪ বজাত ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া চেট্টীয়ে খাণ্ডালাত বিবাহ পাশত আৱদ্ধ হয়।

চুনিল শ্বেট্টীৰ খাণ্ডালা ফাৰ্মহাউচত বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে বহু বছৰ ধৰি এই দম্পতীহালে ডেটিং কৰিছিল।

বিবাহ উপলক্ষে তিনিদিনীয়াকৈ সংগীত অনুষ্ঠানৰ পৰা আৰম্ভ কৰি হালধী, মেহেন্দি আৰু বিয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। কে এল ৰাহুল আৰু আথিয়া এতিয়া স্বামী-স্ত্ৰী।

ফেৰা শেষ হোৱাৰ লগে লগে চুনিল শ্বেট্টীৰ খাণ্ডালা বাংলোত অতিথিসকলে দম্পতীহালৰ বাবে হাত চাপৰি বজোৱা আৰু উল্লাস কৰা শুনা গ’ল।

ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি দম্পতীহালে লিখিলে, “আজি আমাৰ আটাইতকৈ আপোনজনৰ সৈতে আমি সেই ঘৰখনত বিয়া হ’লোঁ যিয়ে আমাক অপৰিসীম আনন্দ আৰু নিশ্চিন্ততা দিছে৷ কৃতজ্ঞতা আৰু মৰমেৰে ভৰা হৃদয়েৰে আমি একেলগে এই যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো“।



Leave A Reply