Breaking

চৌদি আৰৱৰ বিখ্যাত ক্লাবলৈ ক্রিষ্টিয়ানো ৰোনাল্ডো? এটা বিশাল প্ৰতিশ্ৰুতি…

0 77

ফিফা বিশ্বকাপৰ ঠিক আগতে খাটৱাৰে ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোক লৈ মানচেষ্টাৰ ইউনাইটেডৰ পৰা বিচ্ছেদ ঘটাইছিল৷ ইয়াৰ পিছতে ছৌদি আৰৱৰ এটা বিখ্যাত ক্লাব আল নাছেৰে এতিয়া ৰোনাল্ডোক তেওঁলোকৰ ক্লাবত যোগদান কৰিবলৈ বৃহৎ পৰিমাণৰ ধনৰ প্ৰস্তাৱ দিছে।


এবিএছ স্প’ৰ্টছ ৰিপ’ৰ্টৰ তথ্য অনুসৰি বিশ্বকাপৰ পিছত আল নাছেৰে ক্রিষ্টিয়ানো ৰোনাল্ডোক ২২৫ মিলিয়ন ডলাৰ অৰ্থাৎ বছৰি ৭৫ মিলিয়ন ডলাৰৰ তিনি বছৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ প্ৰস্তাৱ দিছে। এছিয়াৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল ফুটবল ক্লাব আল নাছেৰ এফ চি। এই পৰ্যন্ত ক্লাবটোৱে ৯টা লীগ খিতাপ দখল কৰিছে।

এই বিশ্বকাপ প্ৰতিযোগিতাত ঘানাৰ বিৰুদ্ধে খেলখনত পৰ্তুগাল দলৰ হৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে এটা গ’ল দিয়ে৷ এই গ’লৰ জৰিয়তে তেওঁ ফিফা বিশ্বকাপৰ পাঁচটা ছিজনত গ’ল দিয়া প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হয়। উৰুগুৱেৰ বিৰুদ্ধে খেলখনতো ৰোনাল্ডোৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। তদুপৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বাধিক গ’লদাতা ক্ৰিষ্টিয়ানো ৰোনাল্ডো।

Leave A Reply