Breaking

বহিঃৰাজ্য মুম্বাইৰ পৰা শ্ৰমিক ৰে’লত আহি থকা লোকৰ মাজত খাদ্যৰ বাবে হাহাকাৰ

0 114

লংকা

লকডাউনৰ পূৰ্বে বহিঃৰাজ্যত আবদ্ধ হৈ থকা বহু লোকক প্ৰতিদিনেই ৰে’লৰ জৰিয়তে আনি থকা হৈছে অসমলৈ৷ যোৱা নিশা মুম্বাইৰ পৰা ৰে’লৰ জৰিয়তে অসমলৈ অহা শ্ৰমিক ৰে’লখনত খাদ্যৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ ৰে’লখনত অহা কিছু যাত্ৰীবাহী লোক খাদ্যৰ অভাৱত শাৰীৰিক অসুস্থটো ভুগিব লগা হৈছে৷ যোৱা নিশা ৮ বজাৰ পৰা ৰে’লখনত অহা যাত্ৰীসকলে কোনো খাদ্য  খাবলৈ পোৱা নাই বুলি অভিযোগ উঠিছে। উক্ত ৰে’লখনত অসমৰ বিভিন্ন জিলাৰ লোক থকাৰ লগতে আছে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লোক৷ এফালে ৰমজান মাহৰ ৰোজা আৰু আনফালে ঈদত এনেদৰে ৰে’লত খাবলৈ নোপোৱাত  সাংবাদিকক এনেদৰে ভিজুৱেল পঠাই চৰকাৰৰ পৰা সুবিধা বিচাৰিছে উক্ত ৰে’লখনৰ যাত্ৰীসকলে। অনতিপলমে যাত্রীসকলৰ দুৰ্দশা অনুধাবন কৰি যাত্ৰীসকলক সুবিধা প্ৰদান কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে।

Leave A Reply