Breaking

দুৰ্গা মন্দিৰৰ ওপৰত গো মাংস বনোৱাক লৈ নলবাৰীত হাহাকাৰময় পৰিস্থিতি । চাৰিজন যুৱক আটক

0 1,363

নলবাৰী : নলবাৰীত গো মাংস কেন্দ্ৰ কৰি উত্তেজনায় পৰিবেশৰ সৃষ্টি । চাৰিজনকৈ যুৱকে গো মাংস ৰন্ধাৰ হৈ উত্তম মাধ্যম সোধালে ৰাইজে । ঘটনা অনুসৰি আজি নলবাৰী জিলাৰ চাৰমিনাৰ চকৰ সমীপত থকা ৰেল লাইনৰ গেট অপাৰেটিং কাৰ্যালয়ৰ নিচেই ওচৰতে ৰেলৱে ঠিকাদাৰ অধীনস্থ চাৰিজন কৰ্মচাৰীয়ে মুকলি ভাৱে গো মাংস বনাই আছিল । ৰঙিয়া নিবাসী হিচাপে পৰিচয় দিয়া চাৰি কৰ্মচাৰী নাম ক্ৰমে ইমাম হুচেইন,আজাদ আলী,চাইনুল হক আৰু চাইজুদ্দিন আলী । মন কৰিবলগীয়া বিষয় যে ৰেলৱে গেট অপাৰেটিং কাৰ্যালয়টোৰ লগত লাগি আছে শ্ৰী শ্ৰী মা দূৰ্গাৰ এটি অতিকৈ উক্ত স্হানটিৰ প্ৰসিদ্ধ পুৰণি মন্দিৰ । যুৱক কেইজনে গো মাংস বনাই থকাৰ কথা স্হানীয় ৰাইজে অৱগত হোৱাৰ পিছত উক্ত ঠাইত উপস্থিত হয় যুৱক কেইজনক উত্তম মাধ্যম দিয়ে । আনহাতে সংবাদ মাধ্যমৰ আগত যুৱক কেইজনে গো মাংস বনাই থকা বুলি প্ৰকাশ কৰে । এই ঘটনা বতাহৰ দৰে বিয়পাৰ পিছত নলবাৰীৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে একাংশ দল সংগঠনে ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । পিছত ঘটনাস্থলীত নলবাৰী পুলিচ উপস্থিত হৈ চাৰিওজন যুৱককে কৰায়ত্ত কৰি নলবাৰী সদৰ থানাক লৈ আহে । উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হোৱা ঠাইখিনিৰ নিচেই ওচৰতে স্থানীয় বিধায়ক অশোক শৰ্মাৰ বাসগৃহ ।

Leave A Reply