Breaking

ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ প্ৰয়াণত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক…

0 113

পাণ্ডিত্য আৰু সংগীতেৰে অসমৰ সমাজ জীৱন মহীয়াণ কৰা ড:বীৰেন্দ্ৰ নাথ দত্তৰ বিয়োগত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই গভীৰ শোক প্রকাশ কৰিছে লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

ৰাজ্যৰ আগশাৰীৰ মহাবিদ্যালয় ক্ৰমে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয় আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত অধ্যাপনাৰে শিক্ষা জগতলৈ অসামান্য অৱদান যোগোৱা দ্ত্তদেৱে লোক কলাৰ গৱেষণাৰেও বিদ্যায়তনিক দিশটি সমৃদ্ধ কৰি থৈ গৈছে।

অসমীয়া আধুনিক সংগীতৰ এগৰাকী দিকপাল শিল্পী হিচাপে তেখেতে গোৱা “বহু দিন বকুলৰ মালা গঁথা নাই… “, ” ৰহিমলা ওৰণীৰ তলেৰে.. “, ” বৰ্ষা তোমাৰ চকুত মেঘৰ অঞ্জন.. “, ” আহিনক কোনে আনে.. “, ” সীতা বনবাস কিমান চাবানো ” আদি যুগ জয়ী গীতে চিৰদিন তেখেতক অসমীয়াৰ হৃদয়ত অমৰ কৰি ৰাখিব বুলি এক প্ৰেছ বিবৃতি যোগে মন্ত্রী বড়াই প্ৰকাশ কৰে আৰু তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।

Leave A Reply