Breaking

দৰঙৰ জনসংঘ পুঁথিভৰাল, নিজসৰাবাৰীত সাংস্কৃতিক সন্ধিয়া আৰু মুকলিবিহু প্ৰদৰ্শন

0 1,102

দৰঙৰ জনসংঘ পুঁথিভড়াল নিজ সৰাবাৰীৰ বাকৰিত সাংস্কৃতিক সন্ধিয়া আৰু মুকলি বিহু প্ৰদৰ্শন হয় ।সন্ধিয়া অনুষ্ঠিত প্ৰদৰ্শন অনুষ্ঠান মুকলি কৰে চ’পফ’ৰ্ত মাল্টিনেচনেল কোম্পানীৰ স্বত্বাধিকাৰী পৰাগজ্যোতি ডেকাই ।জনসংঘ পুথিঁভড়ালৰ সম্পাদক মুকুট নাথে আতধৰা মুকলি অনুষ্ঠানত ভালেসংখ্যক বিশিষ্টব্যক্তি আৰু সাংষ্কৃতিক দলক আদৰণি জনায় ৷হেপাহৰ ৰঙালীক আদৰা এই মুকলি অনুষ্ঠানত খেৰাই নৃত্য,বিহু-হুচৰী, মৌকুৱৰী,গীত, নৃত্য আৰু ভালেমান কৃষ্টি-সংষ্কৃতি প্ৰদৰ্শন কৰে ।জাতি বৰ্ণ নিৰ্বিশেষে প্ৰতিকৃল বতৰকো নেওচি উপভোগ কৰিলে বড়ো সকলৰ খেৰাই নৃত্য ৷জনসংঘ পুথিভৰাল, নিজ সৰাবাৰীয়ে জন্ম লগ্নৰে পৰা অনুষ্ঠিত কৰা বিহু মঞ্চত বিভিন্ন নৃত্য গীতে আপ্লুত কৰিলে দৰ্শক শ্ৰোতাক ৷

হেঁপাহৰ এই ৰঙালী বিহুৰ কায্যসূচীত সকলোৱে অংশগ্ৰহণ কৰি সাফল্যমণ্ডিত কৰাত উপস্থিত ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে সংঘৰ সম্পাদক নীলমনি শৰ্মাই ৷

Leave A Reply