Breaking

নৃত্য শিল্পী গৰিমা হাজৰিকাৰ মৃত্যুত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ শোক প্রকাশ…

0 79

সংগীত নাটক একাডেমী বটাঁ বিজয়ী বিশিষ্ট নৃত্য শিল্পী গৰিমা হাজৰিকাৰ পৰলোক প্ৰাপ্তিত ৰাজ্যৰ সাংস্কৃতিক দপ্তৰৰ মন্ত্রী বিমল বড়াই গভীৰ শোক প্রকাশ কৰিছে। এক শোক বার্তা যোগে মন্ত্রী বড়াই কয় যে সত্ৰীয়া আৰু ওড়িশি নৃত্যশিল্পী গৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

সত্ৰীয়াৰ লগতে অন্যান্য শাস্ত্ৰীয় নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত তেখেতে আগবঢ়াই যোৱা অৱদানৰ কথা সাংস্কৃতিক জগতখনে চিৰদিন মনত ৰাখিব। মন্ত্রী বড়াই শিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা প্রকাশ কৰিছে।

Leave A Reply