Breaking

নামখলাৰ সৰু থেকেৰাবাৰীত ৬০ ফুট উচ্চতাৰ অমিতা গছক লৈ ৰাইজৰ মাজত কৌতূহল-চাঞ্চল্য

0 1,368

নামখলা : সাধাৰণতে ওখ গছ বুলিলে আমি তামোল, নাৰিকল, খেজুৰ, আম, বটগছ আদিকেই বুজো যদিও এতিয়া এই ধাৰণা সলনি কৰি অমিতা গছেও স্থান দখল কৰিছে ওখ গছৰ তালিকাত। সচৰাচৰ এডাল অমিতা গছ সৰ্বাধিক ২০-২৫ ফুট ওখ হয় যদিও দৰং জিলাৰ মঙলদৈত এডাল ৬০ ফুট উচ্চতাৰ অমিতা গছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ইয়াক কেন্দ্ৰ কৰি অঞ্চলটোত এক প্ৰকাৰ কৌতূহল আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি জিলাখনৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী সৰু থেকেৰাবাৰী গাঁৱৰ জমছেদ আলী নামৰ এজন লোকৰ ঘৰৰ বাৰীত আছে এই ৬০ ফুট উচ্চতাৰ অমিতা গছ গছজোপা। এতিয়া এই অসাধাৰণ অমিতা গছ জোপাক লৈ ৰাইজৰ মাজত চলিছে সৰৱ চৰ্চা। পথচাৰীয়ে জুমি জুমি চাই যোৱা এই অমিতা গছ জোপা চাবলৈ দৈনিক শ শ লোকে ভিৰ কৰিছেহি জমছেদ আলীৰ ঘৰত। সকলোকে হতভম্ব কৰি তোলা এই বিশেষ অমিতা গছজোপা সন্দৰ্ভত গৃহস্থ জমছেদ আলীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে পুলি অৱস্থাত অমিতা গছজোপা সাধাৰণ অমিতা গছৰ দৰেই লহপহকৈ বাঢ়ি আহে আৰু এটা সময়ত ফল দিবলৈ আৰম্ভ কৰে। সাধাৰণতে এডাল অমিতা গছ ৪-৫ বছৰ হে জীয়াই থাকে যদিও এইজোপা অমিতা গছে প্ৰায় ১৫ বছৰ ধৰি নিয়মিতভাৱে ফল দি আহিছে বুলি জানিবলৈ দিয়ে গৃহস্থই। ইপিনে গছজোপাৰ উচ্চতা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত গছজোপাৰ পৰা অমিতা পাৰি অনাৰ ক্ষেত্ৰত গৃহস্থই সমস্যাৰ সন্মুখীন হয়, যাৰ ফলত বিগত এবছৰ ধৰি গছজোপাৰ পৰা অমিতা খাবলৈ সক্ষম হোৱা নাই বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে গৃহস্থ জমছেদ আলীয়ে। অমিতা গছজোপাৰ সন্দৰ্ভত গৃহস্থ জমছেদ আলীৰ অনুভৱ জানিব বিচৰাত তেওঁ কয় যে এয়া আল্লা-ঈশ্বৰৰ এক লীলা। উল্লেখ্য যে ৬০ ফুট উচ্চতাৰ এই অমিতা গছজোপাৰ অমিতা বৰ্তমান বিভিন্ন চৰাই-চিৰিকটিৰ খাদ্য হৈ পৰাৰ লগতে গছজোপা চৰাই-চিৰিকটিৰ বাসস্থান হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইয়াক সম্পূৰ্ণ ৰক্ষণাবেক্ষণ দি আছে গৃহস্থই।

Leave A Reply