Breaking

ছাইবাৰ যুদ্ধ : ভাৰতত পাবজীসহ ১১৮ টা চীনা এপ নিষিদ্ধ

0 1,306

দৈনন্দিন বাৰ্তা ডেস্ক : গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষৰ পাচত কাৰ্যত ভাৰত-চীনৰ ছাইবাৰ যুদ্ধ আৰম্ভ হয় ৷ প্ৰথম পৰ্যায়ত ৫৯টা এপ নিষিদ্ধ কৰাৰ পাচত কেন্দ্ৰই জনাইছিল, কেন্দ্ৰৰ ২৫০টা এপ পৰ্যৱেক্ষণৰ ভিতৰত ৰাখিছে ৷ পূৱ লাডাখত পুনৰ চীনে অনুপ্ৰৱেশৰ চেষ্টা চনাই থকাৰ সময়তে এইবাৰ ১১৮টা এপ নিষিদ্ধ কৰিলে মোডী চৰকাৰে ৷ এইবোৰৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ এপটো হ’ল ‘পাবজী’। ভাৰতে এই এপবোৰ পুনৰ ডাউনলড কৰিবলৈ নিদিয়ে ৷ এই সকলোবোৰ মিলি ২২৪টা চীনা এপ নিষিদ্ধ কৰিলে ভাৰতে ৷ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনোৱা মতে তথ্য প্ৰযুক্তি আইনৰ ৬৯এ ধাৰাত এই এপবোৰ নিষিদ্ধ কৰা হৈছে ৷ কাৰণ হিচাপে কোৱা হৈছে, এই সকলো এপ ইমান কামত লিপ্ত, যিটো ভাৰতৰ সার্বভৌমত্ব আৰু অখণ্ডতা, প্ৰতিৰক্ষা, নিৰাপত্তা আৰু জনস্বাৰ্থৰ পৰিপন্থী ৷ কোটি কোটি ভাৰতীয় ম’বাইল আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ নিৰাপত্তাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হয় বুলি জনাইছে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷ স্মৰ্তৱ্য যে যোৱা ১৫ জুনত গালৱান উপত্যকাত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনাৰে সংঘৰ্ষত কমাণ্ডাৰ পৰ্যায়ৰ এজন বিষয়া আৰু ১৯জন জোৱানৰ মৃত্যু হৈছিল ৷ তাৰ পাচতে নতুন দিল্লী-বেইজিঙৰ মাজত সংঘাত চৰম পৰ্যায়ত উপনীত হয় ৷ তাৰ ফলতেই যোৱা ২৯ জুনত টিকটক, ইউচি ব্ৰাউজাৰ, শ্বেয়াৰইট, উইচাট, ভিগ’ লাইভসহ ৫৯টা এপ নিষিদ্ধ কৰিছিল তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ৷ তাৰ কিছু দিনৰ পাচত এই সকলো এপৰ সহযোগী আন ৪৯টা এপ বাতিল কৰা হৈছিল ৷ ইয়াৰ লগতে কেন্দ্ৰই জনাই যে সকলো মিলি ২৫০ টা চীনা এপ কেন্দ্ৰই তীক্ষ্ণ দৃষ্টি ৰাখিছে ৷ সেই তালিকাৰ পৰাই ১১৮টা এপ নিষিদ্ধ কৰা হ’ল ৷ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জনাইছে যে সমাজৰ বিভিন্ন স্তৰৰ পৰা পাবজীৰ দৰে কিছু এপ লৈ অভিযোগ দিছিল বিভিন্ন মহলে ৷ গ্ৰাহকৰ তথ্য হাতত লৈ সেই তথ্যৰ অপব্যৱহাৰসহ নানা অভিযোগ উত্থাপন হৈছিল ৷ মন্ত্ৰালয়ে লক্ষ্য কৰিছে, এয়া অতি গুৰুতৰ উদ্বেগৰ বিষয় ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ছাইবাৰ ক্ৰাইম শাখাক এই এপবোৰ ব্লক কৰিবলৈ কৈছিল ৷

Leave A Reply