Cyclone Fengal: “ফেংগাল” কিমান শক্তিশালী? দুখন ৰাজ্যত ফেংগালে সৃষ্টি কৰিছে দুৰ্যোগ

শনিবাৰে বিয়লিৰ ভিতৰত ‘ফেংগা’ ঘূৰ্ণীবতাহে তামিলনাডুৰ উপকূলত দুৰ্যোগৰ সৃষ্টি কৰা সম্ভাৱনা। ঘূৰ্ণীবতাহে স্থলপথত প্ৰৱেশৰ সময়ত ঘণ্টাত ৯০ কিলোমিটাৰ পৰ্যন্ত সৰ্বোচ্চ বতাহৰ গতিবেগত বলিব পাৰে। তামিলনাডু আৰু পুডুচেৰী উপকূলৰ বাবে জাৰি কৰা হৈছে ৰেড এলাৰ্ট। বন্ধ কৰি দিয়া হৈছে বিদ্যালয়, মহাবিদ্যালয়, কাৰ্যালয়।(Cyclone Fengal

শনিবাৰে পুৱা চেন্নাইৰ পৰা ১৯০ কিলোমিটাৰ দক্ষিণ-পশ্চিম আৰু পুডুচেৰীৰ পৰা ১৮০ কিলোমিটাৰ পূবে বলিছে এই ঘূৰ্ণীবতাহ। অহা কেইঘণ্টামানৰ ভিতৰত ই আৰু পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিব। শনিবাৰে বিয়লিৰ ভিতৰত স্থলপথত প্ৰৱেশ কৰিব এই ঘূৰ্ণীবতাহ।(Fengal)

বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, কৰাইকাল আৰু মহাবলীপুৰমৰ মাজৰ তামিলনাডু-পুডুচেৰী উপকূলৰ কাষত এই ঘূৰ্ণীবতাহে স্থলপথত প্ৰৱেশ কৰিব। এই সময়ত বতাহৰ গতি হ’ব ঘণ্টাত ৭০ৰ পৰা ৮০ কিলোমিটাৰ। ‘ফেংগালৰ’ৰ সৰ্বোচ্চ গতিবেগ ৯০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে। ফলত সোমবাৰলৈকে তামিলনাডু, পুডুচেৰী, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ কেইবাটাও স্থানত প্ৰবলৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।(Tamil Nadu)

তামিলনাডু চৰকাৰে ইতিমধ্যে ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষতিৰ পৰা হাত সাৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাৰ উপৰি শনিবাৰে বিভিন্ন আই টি কোম্পানীৰ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছে। শনিবাৰে বিয়লি যাতায়তৰ বাবে বন্ধ থাকিব। তামিলনাডু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিভিন্ন অঞ্চলত দুহেজাৰৰো অধিক সাহায্য শিবিৰ মুকলি কৰিছে। একাধিক হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।

Related Articles