Breaking

ডবকাত কাব্যপুথি ‘সেতু’ৰ উন্মোচনী

0 1,553

বুধবাৰে দিনৰ ১ বজাত ডবকা কৰৈগুৰি নতুন প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত দিনৰ এক বজাত কাব্য চৰ্চা অসমৰ পঞ্চম বাৰ্ষিক কাব্যনুষ্ঠান কবিতাৰে এদিন অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়।শিক্ষক ৰফিক উদ্দিনৰ সম্পাদিত “সেতু” (কবিতা আৰু অণুগল্পৰ যৌথ সংকলন) নামৰ কাব্যগ্ৰন্থৰ উন্মোচন আৰু নবিন লেখক-লেখিকালৈ অভিনন্দন পত্ৰ প্ৰদান অনুষ্ঠানৰ সফল সামৰণি হয় অনুষ্ঠানটিত সাংবাদিক জমিৰ উদ্দিন তালুকদাৰৰ সভাপতিত্বত সভাখন নিয়াৰিকৈ পৰিচালিত হয় ।

কবি ৰফিক উদ্দিনৰ বহু কেইখন কাব্যপুথি আচিৰে উন্মোচন হৈ যোৱাত নবিন কবি সকলে প্ৰেৰণা লাভ কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক হাচিব উদ্দিন তালুকদাৰ, কফিল উদ্দিন বৰভূঞা, নুৰ আহমেদ, হবিবুৰ ৰহমান, কবি দিলোৱাৰ হুছেইন, মুজিবুৰ ৰহমান আদি কৰি বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতত জাকজমকৰে আনুষ্ঠানটিৰ সামৰণি ঘটে |

Leave A Reply