Breaking

দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হ’ল একালৰ মোহময়ী অভিনেত্ৰী আশা পাৰেখলৈ

0 80

৫২ সংখ্যক দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হ’ল একালৰ মোহময়ী অভিনেত্ৰী আশা পাৰেখলৈ । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰে এই সন্মান। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰো উপস্থিত থাকে এই অনুষ্ঠানত ।

মাত্ৰ ১০ বছৰ বয়সতে আশা পাৰিখে ছবিত কাম কৰিবলৈ আৰম্ভ কৰিছিল। আশা পাৰিখে ৯৫ খনতকৈও অধিক ছবিত কাম কৰিছে। শিশু শিল্পী হিচাপে অভিনয় কেৰিয়াৰ আৰম্ভ কৰা পাৰিখে ‘দিল দেকে দেখো’, ‘তীশৰী মনজিল’, ‘কাতি পাতং’, ‘লভ ইন টকিঅ’, ‘আয়া সাৱন ঝুম কে’, ‘আন মিলো সজনা’ আদি বহু ছুপাৰহিট ছবিত অভিনয় কৰে। বিগত কেইবাটাও দশক ধৰি হিন্দী চলচ্চিত্ৰ জগতত এজন শিল্পী, পৰিচালক আৰু প্ৰযোজক হিচাপে সক্ৰিয় হৈ আছে। মূখ্য অভিনেত্ৰী হিচাপে তেওঁৰ প্ৰথমখন ছবি আছিল ‘দিল দেকে দেখো’। মনোৰঞ্জনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ আৰু বহুতো বঁটা লাভ কৰিছে। ১৯৯২ চনত ভাৰত চৰকাৰেও তেওঁক সন্মানীয় পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। আশা পাৰিখ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈকে চেন্সৰ ব’ৰ্ডৰ অধ্যক্ষও আছিল। পাঁচজনীয়া জুৰীয়ে এই সন্মানৰ বাবে নিৰ্বাচিত কৰিছিল আশা পাৰেখক। ইয়াৰ ভিতৰত আছিল আশা ভোছলে, হেমা মালিনী, পুনম ধিল্লন, টি এছ নাগভৰ্ণ আৰু উদিত নাৰায়ণ।

Leave A Reply