Breaking

মঙলদৈৰ ৰঙামাটি হাইস্কুলত দৰং ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশন

0 54

দৈনন্দিন বাৰ্তাৰ সেৱা, মঙ্গলদৈ, ৭ নৱেম্বৰঃ  সদৌ দৰং জিলা ছাত্র সংস্থাৰ ৮ম বাৰ্ষিক অধিবেশন খনি আজিৰে পৰা দুদিনীয়া কায্যসূচীৰে মঙলদৈ নিকটৱৰ্তী ৰঙামাটি হাইস্কুলত  অনুস্থিত হৈছে। কাৰ্যসূচী অনুসৰি আজি পুৱা পতকা উত্তোলন কৰে জিলা ছাত্র সংস্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে। ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক পৰাগ চহৰীয়াই। অধিবেশন উপলক্ষে বিদ্যালয় চৌহদত বৃক্ষ ৰোপন কৰে ৰঙামাটি প্ৰাব্লিক স্কুলৰ প্ৰধান শিক্ষক অজিত ডেকা আৰু দিননাথ ছহৰীয়া হাইস্কুলৰ প্ৰধান শিক্ষক হৰকান্ত ডেকাই। বিয়লি ৩ বজাত অনুস্থিত হয় প্ৰতিনিধি সভা। জিলাখনৰ বিভিন্ন আঞ্চলিক ছাত্ৰ সংস্থাৰ ২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখন উদ্বোধন কৰে আছুৰ ৰাজ্যিক কায্যনিৰ্বাক অৰূপ কৰিতাই।

সভাত জিলাখনৰ শিক্ষা, আৰ্থ সামাজিক দিশত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয়। দৰঙত মেডিকেল আৰু ইন্জিনিয়খৰিং কলেজ স্হাপন, মঙলদৈ মহাবিদ্যালয়ক ডিম ইউনিভাৰ্চিটিলৈ উত্তীৰ্ণ, দৰঙত মাতৃভাষা মাধ্যমত এখন আদৰ্শ বিদ্যালয় স্হাপন, দৰঙৰ কাৰিকৰী শিক্ষানুস্হান স্হাপন, কৃষি মহাবিদ্যালয় স্হাপন, ঐতিহাসিক পথৰুঘাটতক প্ৰৰ্যটন ক্ষেত্ৰ হিচাপে স্হাপন কৰা,  ৰঙামাটি আৰু কুৰুৱাৰ ব্ৰহ্মপুত্ৰৰ নদীৰ খৰাখহনীয়া ৰোধ কৰা, দৰঙত ভয়াবহ ভাবে বৃদ্ধি পোৱা কেন্সাৰ ৰোগৰ কাৰন চিনাক্ত কৰি তাৰ নিৰাময়ৰ ব্যৱস্থা কৰা আৰু চৰকাৰী বিদ্যালয় সমূহৰ আন্তগাঠনি উন্নয়ন কৰাকে ধৰি বিভিন্ন প্ৰস্তাৱ গ্ৰহন কৰি ৰাজ্য চৰকাৰক ব্ৰবস্হা গ্ৰহণৰ দাবী জনায়।

তাৰোপৰি ৬নং প্ৰস্তাৱ মৰ্মে দৰঙৰ অবৈধ বেদখলৰ কবলত থকা চৰকাৰী ভচমি সমুহ বেদখলমুক্ত কৰিবলৈ দাবী জনাই। অহা কাইলৈ অধিবেশনৰ অন্তিম দিন। দিনৰ ১১ বজাত অনুস্থিত হব মুকলি সভা। মুকলি সভাত খছুৰ উপদেষ্টা ড, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দিপাঙ্কৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিনজোতি গগৈয়ে অংশগ্ৰহণ কৰিব। মুকলি সভাতে সাংবাদিক মুকুট ৰাজ শৰ্মা সম্পাদিত দৌৰঙ্গ নামৰ স্মৰণিকা প্ৰকাশ কৰা হব। সন্ধিয়া অনুস্থিত হব সাংস্কৃতিক অনুষ্ঠান।

Leave A Reply