Breaking

দৰঙৰ ডিটিঅ’ কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বন

0 2,043

ৰাজপথত সুৰাপান কৰি উদ্ভণ্ডালি কৰা দৰঙৰ জিলা পৰিবহণ বিষয়া (ডি টি অ’) তথা আঞ্চলিক পৰিবহণ কর্তৃপক্ষৰ সচিব কুমাৰ সঞ্জীৱ কৃষ্ণক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰা হৈছে৷ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে কুমাৰ সঞ্জীৱ কৃষ্ণক ‘আছাম ছার্ভিচেছ (ডিচিপ্লিন এণ্ড আপীল) ৰুলছ, ১৯৬৪ৰ ৬ (১) (এ) নং বিধিৰ অধীনত নিলম্বন কৰা হয়৷

উল্লেখ্য যে অতি শেহতীয়াকৈ দুই মিনিট ৫০ ছেকেণ্ড দৈর্ঘ্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল৷ য’ত ৰাজপথতে সুৰাপান কৰি কুমাৰ সঞ্জীৱ কৃষ্ণই কেইজনমান সহকর্মীৰ উপস্থিতিতে অশ্লীল মন্তব্য তথা অভব্য আচৰণ কৰা পৰিলক্ষিত হৈছিল৷ সুৰামত্ত পৰিবহণ বিষয়াজনৰ এনে কাণ্ডক লৈ দৰং জিলাৰ লগতে সমগ্র ৰাজ্যতে বিৰূপ প্রতিক্রিয়া সৃষ্টি হয়৷ ইয়াৰ মাজতে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কুমাৰ সঞ্জীৱ কৃষ্ণক নিলম্বনৰ নির্দেশ দিয়ে৷ লগতে বিষয়টোৰ তদন্ত কৰাৰ দায়িত্ব দিয়া হৈছে পৰিবহণ আয়ুক্ত আদিল খানক৷ অহা ১৫ দিনৰ ভিতৰত পৰিবহণ আয়ুক্ত আদিল খানে তদন্ত প্রতিবেদন দাখিল কৰিব লাগিব৷

Leave A Reply