Breaking

ডাৰ্ক চকলেট শৰীৰৰ বাবে অত্যন্ত উপকাৰী…

0 76

কেতবোৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ডাৰ্পক চকলেট(Dark Chocolate) মানুহৰ শৰীৰৰ বাবে অত্যন্ত উপকাৰী-

মূলতঃ ক’ক’ৱা(Cocoa) গছৰ গুটিৰ পৰা প্ৰস্তুত কৰা ডাৰ্ক চকলেটত প্ৰচুৰ পৰিমাণে প্ৰতিজাৰক(Antioxidant) থাকে। তদুপৰি ডাৰ্ক চকলেটত থকা, আন বিভিন্ন প্ৰকাৰৰ উপাদানে মানুহৰ স্বাস্থ্যৰ ওপৰত বিভিন্ন ধৰণে ইতিবাচক প্ৰভাৱ পেলায়। মধুমেহ আৰু হ্ৰদৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ডাৰ্ক চকলেটে গ্ৰহণ কৰিব পৰা ভূমিকাৰ কথা বিশেষভাৱে উল্লেখনীয়।

ডাৰ্ক চকলেটৰ প্ৰধান উপাদান ক’ক’ৱাত থকা ‘এপিকেটেচিন ম’ন’মাৰ্ছ’(Epicatechin Monomers) নামৰ যৌগবিধে মানৱ দেহত ইনচুলিনৰ উৎপাদন বৃদ্ধি কৰাত তথা তেজত বৰ্ধিত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত বিশেষভাৱে সহায় কৰে। এই কথা জানিব পৰা গৈছে শেহতীয়া এক গৱেষণাৰ জৰিয়তে। ডায়েবেটিছ ৰোগীৰ অগ্ন্যাশয়(Pancreas)ত থকা বিটা কোষে(Beta Cell) ভালদৰে কাম কৰিব নোৱাৰা হ’ল ৰোগীৰ শৰীৰত পৰ্যাপ্ত মাত্ৰাত ইনচুলিন উৎপাদন নহয় তথা তেজত থকা শৰ্কৰা শৰীৰৰ কোষবোৰে ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে।

উক্ত গৱেষণাৰ পৰা জানিব পৰা গৈছে যে শৰীৰে বৰ্ধিত মাত্ৰাত এপিকেটেচিন ম’ন’মাৰ্ছ লাভ কৰিলে, বিটা কোষবোৰ শক্তিশালী হৈ উঠে আৰু ইয়াৰ ফলত ইহঁতৰ ইনচুলিন নিঃসৰণৰ সামৰ্থ বৃদ্ধি পায়।

এপিকেটেচিন ম’ন’মাৰ্ছে কোষবোৰৰ জাৰণ চাপৰ(Oxidative Stress) সৈতে মোকাবিলা কৰাৰ সামৰ্থ বৃদ্ধি কৰি, কোষবোৰক সুৰক্ষা প্ৰদান কৰে। এনেদৰে কয় আমেৰিকাৰ ডিগহাম ইয়ং ইউনিভাৰচিটিৰ অধ্যাপক তথা উক্ত গৱেষণাৰ নেতৃস্থানীয় গৱেষণাৰ নেতৃস্থানীয় গৱেষক জেফেৰী টেছেমে। টেছেমে আৰু কয় যে ‘এপিকেটেচিন ম’ন’মাৰ্ছে’ বিটা কোষৰ মাইট’ক’ণ্ড্ৰিয়া শক্তিশালী কৰি তোলাৰ ফলত কোষৰ শক্তিৰ উৎস স্বৰূপ ‘এটিপি’ অধিক মাত্ৰাত উৎপন্ন হয় আৰু ইয়াৰ ফলত ইনচুলিনৰ নিঃসৰণ বৃদ্ধি পায়।

‘জাৰ্ণেল অৱ নিউট্ৰিচনেল বায়’কেমেষ্ট্ৰী’ত প্ৰকাশিত উক্ত গৱেষণাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে গৱেষকৰ দলটোৱে প্ৰথমতে ক’ক’ৱাৰ পৰা আহৰণ কৰা ‘এপিকেটেচিন ম’ন’মাৰ্ছ’ উচ্চ মাত্ৰাত চৰ্বিযুক্ত খাদ্যৰ সৈতে মিহলাই জন্তুক মিহলাই জন্তুক খাবলৈ দিছিল। ইয়াৰ ফলাফল হিচাপে দেখা গ’ল যে জন্তুবোৰৰ শৰীৰত চৰ্বিৰ মাত্ৰা হ্ৰাস পালে আৰু তেজৰ বৰ্ধিত শৰ্কৰা নিয়ন্ত্ৰণ হ’ল।

ভাৰ্জিনিয়া পলিটেকনিক ইনষ্টিটিউট এণ্ড ষ্টেট ইউনিভাৰচিটিৰ সহকাৰী অধ্যাপক তথা উক্ত গৱেষণাৰ সহ গৱেষক এণ্ড্ৰিউ নেইলছনে কয় যে জন্তুৰ ওপৰত গৱেষণা কৰি লাভ কৰা এই সফলতাই খাদ্য বা খাদ্য পৰিপূৰকৰ সৈতে ‘এপিকেটেচিন ম’ন’মাৰ্ছ’ৰ ফলপ্ৰসূভাৱে মিশ্ৰণ ঘটোৱাৰ পথ প্ৰশস্ত কৰিলে। এনে ধৰণৰ খাদ্য বা খাদ্য পৰিপূৰক গ্ৰহণ কৰাৰ জৰিয়তে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পৰা যাব তথা টাইপ-২ ডায়েবেটিছ হোৱাটো বিলম্ব বা প্ৰতিৰোধ কৰাটো সম্ভৱ হ’ব।

ডাৰ্ক চকলেট সম্পৰ্কীয় আন কেতবোৰ গৱেষণাৰ ফলাফলো অতি উৎসাহজনক। এনে কেতবোৰ ফলাফলৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

  • ডাৰ্ক চকলেটে হৃদপিণ্ডলৈ তেজ সৰবৰাহ কৰা ধমনীত তেজ গোট মৰাত বাধা দিয়ে আৰু ইয়াত থকা প্ৰতিজাৰকে দেহত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ডাৰ্ক চকলেট যিমান বেছি গাঢ় ৰঙৰ আৰু তিতা স্বাদযুক্ত হ’ব, তাৰ উপকাৰিতাও সিমানে বেছি হয়। প্ৰতিদিনে কেইডোখৰমান বা এশ গ্ৰাম(অৰ্থাৎ ৬০০ কেলৰিযুক্ত) ডাৰ্ক চকলেট খোৱাটো উচ্চ মাত্ৰাত কেল’ৰি থকা খাদ্য খোৱাতকৈ বহু বেছি উপকাৰী। ডাৰ্ক চকলেটত চেনি থাকে, কিন্তু সীমিত মাত্ৰাতহে। ডাৰ্ক চকলেটত থকা চৰ্বি সংপৃক্ত(Saturated) প্ৰকৃতিৰ হোৱা বাবে সহজে হজম হয়।
  • ডাৰ্ক চকলেটত থকা ঔষধি গুণৰ বাবে এই চকলেট ডায়েবেটিছ আৰু হৃদৰোগৰ উপৰি মানসিক বিসংগতি, মেদবহুলতা, উচ্চ ৰক্তচাপ প্ৰভৃতি ৰোগ তথা শাৰীৰিক-মানসিক সমস্যা প্ৰতিৰোধৰ ক্ষেত্ৰতো বিশেষভাৱে সহায়ক। ডাৰ্ক চকলেটত থকা পলিফেনল(Polyphenol), ফ্লেভ’ন’য়ড(Flavonoid) আদি জৈৱিক যৌগই শৰীৰত মুক্তমূলক(Free radicale)ৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি, শাৰীৰিক অৱক্ষয়ত বাধা দিয়াৰ লগতে কেন্সাৰ প্ৰভৃতি ৰোগৰ উদ্ৰেক হোৱাত বাধা দিয়ে। ডাৰ্ক চকলেটৰ উপাদানবোৰে ধমনী আৰু সিৰাবোৰৰ পৰা ডকা বন্ধা তেজ, কলেষ্টেৰল, ধাতৱ আয়ন(Metallic Ion) আদি আঁতৰাই তেজৰ সঞ্চালন তথা হৃদপিণ্ডলৈ তেজৰ সৰবৰাহ স্বাভাৱিক কৰি তোলাত যথেষ্ট সহায় কৰে। বেয়া কলেষ্টেৰল বা ল’ ডেনচিটি লিপ’প্ৰোটিন(LDL)ৰ মুক্তমূলকৰ সৈতে জাৰণ ঘটাৰ ফলত ৰক্তবাহী নলীত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। ডাৰ্ক চকলেটত থকা যৌগই এই প্ৰক্ৰিয়াটো বহুলাংশে প্ৰতিৰোধ কৰিব পাৰে।

  • ডাৰ্ক চকলেটত থকা ফ্লেভ’ন’য়ডে হৃদপিণ্ডৰ বাবে উপকাৰী ভাল কলেষ্টেৰল বা হাই ডেনচিটি লিপ’প্ৰোটিন(HDL)ৰ সংশ্লেষণ বৃদ্ধি কৰা ফ্লেভ’ন’য়ডে শৰীৰত নাইট্ৰিক অক্সাইড গেছ উৎপন্ন হোৱাত সহায় কৰে, এই গেছে ধমনীবোৰক শিথিল হ’বলৈ সংকেত দিয়ে, তেজৰ প্ৰৱাহত থকা প্ৰতিৰোধ হ্ৰাস কৰে তথা ৰক্তচাপ হ্ৰাস কৰে। ইয়াৰ বাহিৰেও ফ্লেভ’ন’য়ডে সূৰ্যৰ ৰশ্মি আৰু তাপৰ প্ৰভাৱত হ’ব পৰা ছালৰ ক্ষতি প্ৰতিৰোধ কৰে আৰু ছাললৈ তেজৰ সৰবৰাহৰ পৰিমাণ উন্নত কৰি ছালৰ বৰণ আৰু ঘনত্ব অটুট ৰখাত সহায় কৰে। ফ্লেভ’ন’য়ডে মস্তিষ্কলৈ তেজৰ যোগান বৃদ্ধি কৰি মানসিক চাপ তথা বিমৰ্ষতা হ্ৰাস কৰে আৰু মস্কিষ্কৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে। ফ্লেভ’ন’য়ডে মেদবহুলতা আৰু ডায়েবেটিছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো প্ৰভূত অৰিহনা যোগাব পাৰে। এই উপদানবিধে শৰীৰৰ কোষবোৰৰ ইনচুলিন প্ৰতিৰোধী প্ৰৱণতা হ্ৰাস পায় তথা কোষবোৰে ইনচুলিনক ভালদৰে ব্যৱহাৰ কৰাৰ সামৰ্থ পুনৰায় লাভ কৰে।
  • ডাৰ্ক চকলেটক পুষ্টি গুণৰ ভঁৰাল আখ্যা দিব পাৰি। ইয়াত থকা উচ্চ মাত্ৰাৰ আঁহে পাকস্থলীত চৰ্বিৰ শোষণৰ মাত্ৰা বৃদ্ধি কৰে আৰু ইয়াৰ ফলত মেদবহুলতা বহু পৰিমাণে প্ৰতিৰোধ হয়। ডাৰ্ক চকলেটত থকা তাম আৰু পটাচিয়ামে ষ্ট্ৰোক হোৱাত বাধা দিয়ে। আকৌ ইয়াত থকা লৌহ(Iron) দ্ৰব্যই শৰীৰত লোৰ ঘাটি থাকিলে সেয়া পূৰণ কৰে।

ডাৰ্ক চকলেটত থকা আন এটা উপাদান মেগনেচিয়ামে(Magnesium) ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু কেতবোৰ হৃদপিণ্ডৰ বিসংগতি হোৱাত বাধা দিয়ে। আনহাতে, ইয়াত থকা মেংগানিজ, ফছফৰাছ, জিংক আৰু ছেলেনিয়ামে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ডাৰ্ক চকলেটত থকা থিঅ’ব্ৰ’মাইন(Theobromine)-এ দাঁতৰ এনামেল সবল আৰু কঠিন কৰি তোলে। উল্লেখযোগ্য যে ভাৰতবৰ্ষত সুলভ দুবিধ ডাৰ্ক চকলেট হ’ল আমূল(Amul) আৰু কেডবেৰি(Cadbery) ডাৰ্ক চকলেট।

লেখক: অমল ভাগৱতী

Leave A Reply