Breaking

গণ সংক্ৰমণৰ দিশে নেকি দৰং । ৰেৱতী কলিতা আৰু আব্দুল বাছিৰক লৈ ভয়াৱহ গণ সংক্ৰমণৰ আশাংকা ; বজাৰ সমাৰ কৰি পৰীক্ষাৰ খবৰ লৈ ঘূৰি ফুৰিছিল চৌদিশে ।

0 1,116

মঙলদৈ : দৰং জিলাত কভিড-১৯ পজিটিভৰ ভয়াবহ গণ সংক্ৰমণ হোৱা পৰিলক্ষিত হৈছে। জিলা স্বাস্থ্য বিভাগে যোৱাকালি জিলাখনত নতুনকৈ ২৪ জন লোক কভিড ১৯ আক্ৰান্ত হোৱা বুলি এক প্ৰেছ বিবৃতিত জনোৱাৰ পিছতে জিলাখনত কভিড আক্ৰান্তৰ সংখ্যা ১৯৩ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৰেৱতী কলিতা নামৰ গোহাঁইগাওঁ স্বাস্থ্য কেন্দ্ৰৰ এ এন এম গৰাকী আৰু কোৱাটাইন চেন্টাৰত কৰ্মৰত আব্দুল বাছাৰ নামৰ গাওঁৰক্ষী বাহিনীৰ সদস্য গৰাকী দেহত কভিড পজিটিভ পোৱাই এই গণ সংক্ৰমণৰ আকাংশা কৰা হৈছে। কিয়নো দুয়োজন লোকৰ কভিড পজিটিভৰ কোনো ট্ৰেভেল হিস্টি নাছিল আৰু অসম লক্ষ্য প্ৰনোদীত নিৰীক্ষণ কাৰ্যসূচীৰ অধীনত হে শ্লেষৰ নমুনা সংগ্ৰহ কৰা হৈছিল। ইয়াৰে ৰেৱতী কলিতাই পজিটিভ ঘোষণাৰ আগলৈ বিভিন্ন ঠাইত বজাৰ সমাৰ কৰি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ খবৰ লবলৈ বিভিন্ন পৰীক্ষাৰ্থীৰ ঘৰলৈ অহা যোৱা কৰিছিল। সমৰেন্দ্ৰ কোৱৰ নামৰ যুৱকজনৰ বাইকেৰে আলহী ঘৰলৈও পৰীক্ষাৰ খবৰ লবলৈ গৈছিল। কালি ৰেৱতী কলিতাৰ গৃহত স্বাস্থ্য বিভাগে কোৱান্টাইনৰ জাননী আৰি দিয়াৰ সময়ত পদুলীত উপস্থিত থকা উপহুপাৰা গাওঁ পঞ্চায়তৰ সভাপতি নৱজিৎ শৰ্মা, উপ-সভাপতি প্ৰশান্ত ডেকা, সদস্য দেৱেন্দ্ৰ নাৰায়ণ কোৱৰ আৰু গাওঁ বুঢ়া মহেন্দ্ৰ ডেকাই আমাৰ সংবাদিকৰ আগত অভিযোগ কৰি কয় যে ৰেৱতী কলিতাৰ পৰিয়ালটিয়ে সমগ্ৰ অঞ্চলটোত ঘূৰা ফুৰা কৰি আছিল। সেয়েহে সমগ্র কোঁৱৰ পাৰা গাওঁ কোৱান্টান জোন ঘোষণা কৰাৰ লগতে প্ৰতিজন লোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনায়। সভাপতি নৱজিৎ শৰ্মাই এ এন এম ৰেৱতী কলিতা স্বামীৰ সৈতে কিছুদিন পূৰ্বে নাগালেণ্ডৰ ডিমাপুৰত দুনিশা কতাই অহা বিষয়টো কৰোণা সংক্ৰমণৰ কাৰণ হব পাৰে বুলি শংকা ব্যক্ত কৰিছে। সভাপতি গৰাকীয়ে ৰেৱতী কলিতাক ফিজিঅ থেৰাপি কৰি থকা যুৱকজনৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হোম কোৱান্টান কৰিবলৈ দাবী জনায়। তাৰোপৰি স্বাস্থ্য কৰ্মী গৰাকীৰ ঘৰত কাম কৰা তিলক বৰুৱা কালিও বিভিন্ন ঠাইত ঘূৰি ফুৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে। গাওঁখনৰ আশা কৰ্মী ববিতা কোঁৱৰে জনোৱা মতে গোহাঁইগাওঁ উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দলে আহি কালি ৰেৱতী কলিতাৰ ঘৰৰ অনান্য পৰিয়ালৰ লগতে সংস্পৰ্শলৈ অহা ওচৰ চুবুৰীয়া আলহী সকলোৰে স্বাৱৰ নমুনা সংগ্ৰহ কৰিছে। স্বাস্থ্য বিভাগে সন্দেহ কৰাৰ দৰে ৰেৱতী কলিতাৰ পৰা অঞ্চলটোত গণ সংক্ৰমণ হব লাগিলে মঙ্গলদৈত কভিড ১৯ ৰ পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ সম্ভৱনা আছে।

Leave A Reply