Breaking

নলবাৰী মুগকুছিত দিবা নৈশ ক্ৰিকেটৰ সামৰণি…

0 90

নলবাৰী মুগকুছিৰ অমৰ জ্যোতি স্পোৰ্টচ্ ক্লাবৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা দেওবাৰে নিশা সামৰণি পৰে।

কেইবাটাও দলৰ অংশগ্রহণেৰে প্ৰতিযোগিতাখন আকৰ্ষণীয় হৈ পৰে।

প্ৰতিযোগিতাৰ ফাইনেল খেলত মুখামুখী হৈছিল বাইহাটাৰ ডেকা ব্ৰাদাৰ্ছ আৰু কালাকুছি শুভগামী দলৰ মাজত। বিজয়ী হয় ডেকা ব্ৰাদাৰ্ছ দল।

প্ৰতিযোগিতাৰ অন্তত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে প্ৰতিযোগিতাৰ সভাপতি ফুকন চন্দ্ৰ হালৈ, সম্পাদকদয় হীৰক জ্যোতি হালৈ আৰু জিতু ডেকা, উপ সভাপতি নিপুল হালৈ। লগতে বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী বাপুকণ কলিতা, নিকুঞ্জ ডেকা আৰু বিদ্যুৎ হালৈয়ে।

Leave A Reply