Breaking

ধেমাজিৰ জীয়াধল নদীত ভয়ংকৰ দুৰ্ঘটনাঃ তিনিগৰকী লোক সন্ধানহীন, ৭ গৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা

0 2,081

ধেমাজি জিলাৰ পাহাৰীয়া খৰস্ৰোতা নৈ জীয়াধল নদীত ভয়ংকৰ মেলেং দুৰ্ঘটনা সংঘটিত হৈছে ৷ ঘটনাৰ বিৱৰণী মতে জীয়াধল আদীকলীয়া গাঁৱৰ ৮ গৰাকীলোক ৫ দিনৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পাহাৰত বাঁহ আৰু কাঠ কাটিবলৈ গৈছিল ৷ আজি দুপৰীয়া বাঁহৰ দুখন মেলেঙত কাঠৰ লগতে বাঁহ ভৰ্ত্তি কৰি আনি জীয়াধল নদীৰে ভতিয়াই আহি আছিল ৷ কিন্তু কালি ৰাতিৰ পৰা হৈ থকা প্ৰবল বৰষুণৰ ফলত জীয়াধল নদীৰ জলপৃষ্ঠ আজি হঠাৎ কালৰূপ ধাৰণ কৰে আৰু দুয়োখন মেলেং জীয়াধল নদীৰ কোবাল সোঁতে সম্পূৰ্ণৰূপে ধব্বংস কৰি পেলায় ৷ মেলেং দুখনত অহা ৮ গৰাকী লোকে জীয়াধল নদীৰ কোবাল সোঁতত উঠি যায় ৷ ইয়াৰে পাঁচগৰাকী লোক কোনোমতে সাঁতুৰি পাৰলৈ আহি প্ৰাণ ৰক্ষা কৰে যদিও তিনিগৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে ৷ স্থানীয় ৰাইজে সন্ধানহীন হৈ থকা লোক সকলক উদ্ধাৰৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাই আছ যদিও সফল হ’ব পৰা নাই ৷ শেহতীয়াভাৱে ধেমাজি আৰক্ষী আৰু ৰাজ্যিক আপদকালীন দুৰ্যোগ ব্যৱস্হাপনা বাহিনীৰ দল দুৰ্ঘটনা স্থলীলৈ ৰাওনা হৈছে ৷ সন্ধানহীন হৈ থকা তিনিগৰাকীৰ নাম হৈছে জীয়াধল আদীকলীয়া গাঁৱৰ কেকাই নৰহ, জগু মিলি আৰু শৈলাৰাম পায়েং৷

Leave A Reply