Breaking

টুপামাৰীত শোকৰ ছাঁ! বিশিষ্ট সমাজ সেৱক আলহাজ ওৱাহেদ আলীৰ মৃত্যু

0 2,016

টুপামাৰীত শোকৰ ছাঁ, বিশিষ্ট সমাজ সেৱক আলহাজ ওৱাহেদ আলীৰ পৰলোক। কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টুপামাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আলহাজ ওৱাহেদ আলী (৭২) ৰ যোৱা নিশা ৯ঃ৩০ বজাত নিজ বাসগৃহত মৃত্যু হয়। বৃহত্তৰ টুপামাৰী অঞ্চলৰ এখন অতিকে চিনাকি মূখ তথা বৃহত্তৰ অঞ্চলটোৰ এগৰাকী সৰবৰহী ব্যক্তি আলহাজ ওৱাহেদ আলীৰ মৃত্যুত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মৰ্মাহত। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে জড়িত থকাৰ উপৰিও বিভিন্ন সমাজিক কাম কাজ কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান লগতো জড়িত থাকি কাম কাজ কৰাৰ বাবে সকলো স্তৰৰ লোকৰ প্ৰিয়ভাজন হবলৈ সক্ষম হোৱা লোকজনৰ বিয়োগে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। আজি ৰাতিপুৱা ১০ বজাত কৰিতলা কৱৰস্থানত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ জানাজা সম্পন্ন হয়। জানাজাত টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দাসো উপস্থিত থাকি আলহাজ ওৱাহেদ আলীলৈ অন্তিম সেৱা যাঁচে। মৃত্যুৰ সময়ত পত্নী, এজন লৰা, দুজনী কন্যা, নাতি, নাতিনী সহ অসংখ্য গুণমুগ্ধক ইসংসাৰত এৰি থৈ যায়। জানাজাৰ পৰত আত্মীয় স্বজনৰ উপৰিও কেবা সহস্ৰাধিক গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন আৰু আত্মাৰ  চিৰশান্তি কামনা কৰে।

Leave A Reply