Breaking

লংকাৰ ১নং ৰেলগেটৰ সমীপত উৰণীয়া সেতু নিৰ্মাণ কামত মৰণফাণ্ড সদৃশ পৰিৱেশ

0 117

লংকা

 লকডাউনৰ সময়ত চৰকাৰে গ্রহণ কৰা কিছু  চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম থমকি ৰৈছিল যদিও লকডাউনত কিছু শিথিলতা অনাৰ পিছত আধৰুৱা কামসমূহ পূৰ্ণগতিত চলিছে। তাৰ সমান্তৰালভাৱে লংকাৰ ১নং ৰে’ল গেটৰ সমীপতো চলিছে উৰণীয়া সেতুৰ নিৰ্মানৰ কাম৷ কিন্তু উৰণীয়া সেতু নিৰ্মাণৰ কামৰ দায়িত্বত থকা কোম্পানীয়ে শ্ৰমিকক লগাই কাণ্ডজ্ঞানহীনভাৱে পথৰ মাজতেই প্ৰকাণ্ড গাঁত খান্দি চলাই আছে  প্ৰকাণ্ড পিলাৰৰ নিৰ্মাণৰ কাম৷ পুখুৰী সদৃশ গাঁত খান্দি পথটোত চলাই থকা হৈছে উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম৷ কিন্তু উক্ত পথৰ পৰিবৰ্তে যানবাহান যাতায়াতৰ বাবে সুচাৰু ৰূপে দিয়া হোৱা নাই বিকল্প পথ৷ নিৰ্মাণৰ কাম চলি থকা ডাঙৰ ডাঙৰ গাতৰ কাষেৰেই যাবলৈ দিয়া হৈছে যান-বাহন৷ মৰণফাণ্ড সদৃশ গাঁতৰ কাষত দিয়া হোৱা নাই কোনো নিৰাপত্তা তথা বেৰিকেত৷ ফলত যিকোনো সময়ত দূৰ্ঘটনাত পতিত হ’ব পাৰে বহুজনৰ৷ উল্লেখ যে উক্ত পথছোৱাদি লংকা চহৰৰ পৰা লংকাৰ পাশ্বৱৰ্তী বিভিন্ন অঞ্চল তথা লামডিঙলৈ আৰু ৰে’ল গেটৰ কিছু দূৰতে থকা লংকা চৰকাৰী প্ৰাথমিক স্বাস্ব্য কেন্দ্ৰলৈ ৰোগী লৈ  প্ৰত্যেক দিনাই শ শ খন যানবাহন অহা যোৱা কৰে৷ উৰণীয়া সেতু নিৰ্মাণ কোম্পানীৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে আৰু বিকল্প পথৰ ব্যৱস্হা নকৰাৰ বাবে বিগতো দিনটো কেইবাখনো ট্ৰাক, গাড়ী উক্ত পথেৰে যাতায়াত কৰাত দূৰ্ঘটনাগ্ৰস্ত‌ও হৈছে৷  অনতি পলমে  পথটো যাতায়াতৰ বাবে উপযোগী কৰি তুলিবলৈ ৰাইজে দাবী জনাইছে।

Leave A Reply