Breaking

টিংখাঙৰ বৰবাম গাঁও পঞ্চায়ত সদস্যৰ মৃত্যু

0 64

দৈনন্দিন বাৰ্তা  সেৱা, টিংখাংঃ ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভা সমষ্টিৰ বৰবাম গাঁও পঞ্চায়তৰ সদস্য তথা কেছেৰুগুৰি গাঁৱৰ সৰবৰহী যুৱক প্ৰাঞ্জল গগৈৰ(৪০)শনিবাৰৰ পুৱা প্ৰায় ৪-৩০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। উচ্চৰক্ত চাপত গুৰুতৰভাৱে আক্ৰান্ত হোৱাৰ বাবে শুক্ৰবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰিছিল। প্ৰাঞ্জল গগৈ কভিড ১৯-ত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত পত্নী একমাত্ৰ সন্তানসহ বহু আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ গৈছে। অতি অমায়িক স্বভাৱৰ প্ৰাঞ্জল গগৈ পঞ্চায়তখনৰ দুই নং কেছেৰুগুৰি ৱাৰ্ডৰ সদস্যৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় সদস্য আছিল। প্ৰাঞ্জল গগৈৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ পানীবিল বগাদাত অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে। ভাৰতীয় জনতা পাৰ্টী, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ৰাজগড় আঞ্চলিক সমিতিৰ লগতে বিভিন্ন দল সংগঠনে প্ৰাঞ্জল গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Leave A Reply