Breaking

মিঞা সংগ্ৰহালয় বিতৰ্ক, নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ স্থিতিস্পষ্ট

0 58

দৈনন্দিন বাৰ্তা সেৱা, গেলেকীঃ ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকা মিঞা সংগ্ৰহালয় সন্দৰ্ভত আজি নিজৰ স্থিতি স্পষ্ট কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া কয় যে ডাঃ হিমন্ত বিশ্ব শৰ্মাই উক্ত বিষয়টোৰ অপ-ব্যাখ্যা কৰিছে। কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে শংকৰদেৱ কলাক্ষেত্ৰত ‘মিঞা সংগ্ৰহালয়’ স্থাপনৰ দাবী কৰা বিতৰ্কৰ সৃষ্টি কৰাৰ পাছত এইবাৰ বিতৰ্কিত প্ৰসংগত নিজৰ স্থিতিস্পষ্ট কৰিছে বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই।

নাজিৰা সমষ্টিৰ বিধায়ক শইকীয়াৰ মতে বিষয়টো সন্দৰ্ভত অনাহকত বিজেপিয়ে বিতৰ্কৰ সৃষ্টি কৰি নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে। তেওঁ শইকীয়াই লগতে কয় যে অসম বিধানসভাৰ শিক্ষা সম্পৰ্কীয় স্থায়ী সমিতিৰ বৈঠকত কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে এই প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু বৈঠকত প্ৰস্তাৱটো গৃহিত হৈছিল। উক্ত ১৫ জনীয়া সমিতিৰ ৮ গৰাকী সদস্যই শাসকদলৰ বিধায়ক।

তেনে ক্ষেত্ৰত বিষয়টোক বিজেপিয়ে নিৰ্বাচনী ইছ্যু কৰিব খোজাৰ কোনো যুক্তি নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই কয় চৰ-চাপৰিত কেৱল মিঞা লোকেই বসবাস নকৰে। উজনি অসম আৰু উত্তৰ অসমৰ বিভিন্ন চৰ-চাপৰিত মূল সুঁতিৰ অসমীয়াৰ লগতে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় লোকো বাস কৰি আহিছে।আনহাতে সম্প্ৰতি নামনিৰ চৰাঞ্চলত মুছলমান লোকৰ বসতি অধিক।

Leave A Reply