Breaking

দীপক কুমাৰ দাসলৈ প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকৰ বঁটা

0 52

নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ হ’লত ৪০ সংখ্যক সম্বৰ্ধনা অনুষ্ঠানত নলবাৰীৰ দীপক কুমাৰ দাসক প্ৰদান কৰা হয় চন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী প্ৰশিক্ষক আৰু ক্ৰীড়া সংগঠকৰ বঁটা। এই বঁটা পোৱা খবৰে জিলা খনত আনন্দময় পৰিবেশ সৃষ্টি হৈছে।


দীপক কুমাৰ দাসৰ ঘৰ নলবাৰী জিলাৰ অন্তৰ্গত জাজিয়াবাৰী গাঁৱত। তেওঁ অসমীয়া প্ৰতিদিন, দৈনিক অসম, অসমীয়া খবৰ, দৈনন্দিন বাৰ্তাকে ধৰি অসমৰ প্ৰায় গোটেই কেইখন বাতৰি কাকতত নলবাৰীৰ লগতে বিভিন্ন জিলাৰ ক্ৰীড়াৰ বাতৰি প্ৰেৰণ কৰি আহিছে।

নলবাৰী জিলাৰ এটি অগ্ৰণী ক্ৰীড়া অনুষ্ঠান পূব নলবাৰী কচিং চেন্টাৰৰ তেওঁ প্ৰতিস্থাপক সভাপতি। ১৯৯৭ চনত জন্ম গ্ৰহণ কৰা ক্ৰীড়া অনুষ্ঠানটোৱে বিগত ৩০ বছৰ ধৰি পূব নলবাৰীৰ বৃহৎ অঞ্চলটোত ভলীবলৰ জড়িয়তে খেলুৱৈ সৃষ্টিত অৰিহনা যোগাই আহিছে।

ইতিমধ্যে উক্ত ক্ৰীড়া সংগঠনটোত প্ৰশিক্ষণ প্ৰাপ্ত সৰহ সংখ্যক খেলুৱৈয়ে এতিয়া নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি অসম ভলীবল সন্হাই অনুষ্ঠিত কৰি অহা বিভিন্ন পৰ্যায়ৰ আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত কেইবাবাৰো আজুৰি আনিবলৈ সক্ষম হৈছে চুড়ান্ত বিজয়ীৰ।

দীপক কুমাৰ দাস নলবাৰী ক্ৰীড়া সন্থাৰ কাৰ্যলয় সম্পাদক হোৱাৰ উপৰিও অসম ভলীবল সন্থাৰ সহ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, উপ সভাপতি মনোজ কুমাৰ চৌধুৰী, সাধাৰণ সম্পাদক বুবুল তালুকদাৰ, ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য, অসম ভলীবল সন্থাৰ সভাপতি সুশান্ত বিশ্ব শৰ্মা, সাধাৰণ সম্পাদকক প্ৰকাশ বৰা, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈ, সহ সম্পাদক অভিজিৎ কলিতাকে ধৰি ক্লাৱ-সংঘ সমূহে তেওঁক অভিনন্দন জনাইছে।

Leave A Reply