Breaking

যুৱ চিকিৎসকৰ অকাল মৃত্যুত চিলাপথাৰত গভীৰ শোকৰ ছাঁ…

0 108

যুৱ চিকিৎসকৰ অকাল মৃত্যুত চিলাপথাৰত গভীৰ শোকৰ ছাঁ

যোৱা নিশা গোগামুখত সংঘটিত গুৰুতৰ পথ দুৰ্ঘটনাত চিকিৎসক তথা মেধাৱী যুৱক সঞ্জয় চুংক্রাং (৩৫) ৰ অকাল মৃত্যুৰ ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে চিলাপথাৰত। জানিব পৰা মতে যোৱা নিশা নলবাৰীৰ পৰা দুজনমান লগৰীয়াৰ সৈতে এখন ভেনু গাড়ীৰে ঘৰলৈ আহি থকা অৱস্থাত গোগামুখত‌ এজোপা গছত খুন্দা মাৰি সংঘটিত হৈছিল গুৰুতৰ পথ দুৰ্ঘটনা। ঘটনাত সঞ্জয় চুংক্ৰাঙৰ  মৃত্যু হোৱাৰ লগতে সহযাত্ৰী সকল গুৰুতৰভাৱে আহত হয়।

আজি মৰণোত্তৰ পৰীক্ষাৰ পিছতে যুবকজনৰ নশ্বৰদেহ ঘৰ আহি পোৱাৰ পিছতে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠে। অকালতে যুৱকজনক হেৰুৱাই শোকত মৰ্মাহত হৈ পৰে আত্মীয় স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধ। উল্লেখ্য যে চিলাপথাৰ জোনাকী নগৰ নিবাসী বাসুদেৱ  চুংক্রাঙৰ পুত্ৰ সঞ্জয় ওৰফে ৰাজাই ২০০৩ চনত নৱোদ়য় বিদ্যালয়ৰ

পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিলচৰ মেডিকেল কলেজৰ পৰা এম বি বি এছ আৰু এম ডি ডিগ্ৰী গ্ৰহণ কৰি শেহতীয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল। ছাত্ৰাৱস্থাৰ পৰাই মেধা সম্পন্ন যুৱক জনৰ অকাল মৃত্যুত পৰিয়ালটোৰ লগতে অঞ্চলবাসীৰ অপূৰণীয় ক্ষতি হোৱা বুলি ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply