Breaking

লাডাখত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং : প্ৰতিপক্ষ যিমানেই শক্তিশালী নহওক, ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে ৷

0 1,249

দৈনন্দিন বাৰ্তা ডেস্ক :

প্ৰতিপক্ষ যিমানেই শক্তিশালী হওক কিয় ভাৰতৰ এক ইঞ্চি মাটি কোনেও কাঢ়ি নিব নোৱাৰে৷ লাডাখ সীমান্তত চীনৰ সৈতে সংঘাতক লৈ এইবাৰ এনেদৰে বাৰ্তা দিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ দুদিনীয়া লাডাখ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণত গৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৷ শুকুৰবাৰে ভ্ৰমণৰ প্ৰথম দিনা লেহত উপস্থিত হয়৷ তাতে ভাৰতীয় জোৱানৰ উদ্দেশ্যি ভাষণ আগবঢ়াই এনেদৰে চীনক কঠোৰ বাৰ্তা দিয়ে ৷ মন্ত্ৰী সিঙে কয়, আলাপ আলোচনাৰ মাজেৰে সীমান্তৰ বিৰোধ মীমাংসা কৰা যাব ৷ সেই বিষয়ে নিশ্চিত কৰি একো ক’ব পৰা নাযাব৷ এটা কথা নিশ্চিতভাৱে ক’ব পাৰি, পৃথিৱীৰ কোনো শক্তিশালী দেশে আমাৰ এক ইঞ্চি মাটি কাঢ়ি নিব নোৱাৰে ৷ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান হৈ গ’লে তাতকৈ একো ভাল নাই৷ যোৱা মাহত চীনৰ সৈতে সংঘৰ্ষত গালৱানত ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল ৷ সেই জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনায় মন্ত্ৰী সিঙে কয়, সম্প্ৰতি পিপি ১৪-এ ভাৰতীয় জোৱান আৰু চীনা সেনাৰ মাজত যি ঘটিছে, তাত সীমান্ত ৰক্ষা কৰোতে প্ৰাণ হেৰুৱাইছিল আমাৰ বহু কেইজন সেনাই ৷ আজি ইয়ালৈ আহি ভাল লাগিলেও তেওঁলোকৰ মৃত্যুত আমি শোকত বিহ্বল ৷ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাইছো ৷ সেনাৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক শেষ হ’লেও সেনা আঁতৰোৱাৰ প্ৰশ্নত সকলো ঠাইত এতিয়াও একমত হ’ব পৰা নাই ভাৰত আৰু চীন ৷ সেই পৰিস্থিতিত শুকুৰবাৰে লাডাখত উপস্থিত হ’ল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ তাতে সেনা বিষয়াসকলক তেওঁ সাক্ষাৎ কৰে ৷ সীমান্তৱৰ্তী প্যাংগং হ্ৰদ সংলগ্ন সেনা বাহিনীৰ স্তাকনা আৰু লুকুং প’ষ্টলৈ তেওঁ যোৱাৰ কথা৷ প্যাংগং হ্ৰদৰ উত্তৰ-পশ্চিম দিশত লুকুং প’ষ্ট ৷ ফিংগাৰ-৪ৰ পৰা পথেৰে দূৰত্ব ৪৩ কিলোমিটাৰ ৷ এই ফিংগাৰ-৪ এলেকাৰ পৰা এই মুহূৰ্তত সেনা আঁতৰাব ভাৰত-চীনে ৷ লুকুঙত ভাৰতীয় সেনা আৰু ইন্দো-তিব্বত সীমান্ত আৰক্ষী (আইটিবিটি) যৌথভাৱে মোতায়েন কৰা হৈছে ৷ উল্লেখ্য যে মন্ত্ৰী ৰাজনাথ সিঙৰ লগত লেহত উপস্থিত হৈছিল সেনা প্ৰধান এম এম নৰবনে আৰু সেনা বাহিনীৰ চিফ অব ষ্টাফ জেনেৰেল বিপিন ৰাৱাট৷ তাতে সেনা বাহিনীৰ অনুশীলনত মন্ত্ৰী সিঙে ভাগ লয় ৷ লাডাখ ভ্ৰমণৰ পাছত মন্ত্ৰীসহ দলটো জম্মু-কাশ্মীৰৰ উদ্দেশ্যে ৰাওনা হয়৷ তাতে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে ৷ উল্লেখ্য যে যোৱা ৩ জুলাইত লাডাখত আকস্মিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হৈছিল ৷

Leave A Reply