Breaking

চীন, পাকিস্তানক সতৰ্ক কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

0 1,242

দৈনন্দিন বাৰ্তা ডেস্ক :পাঁচখন ৰাফেল যুদ্ধ বিমান বুধবাৰে ভাৰতৰ মাটিত অৱতৰণ কৰাৰ লগে লগে অধিক শক্তিশালী হৈ পৰিল ভাৰতীয় বায়ুসেনা৷ ৭০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি দিনৰ তিনি বজাত আম্বালাত এই যুদ্ধ বিমানকেইখন অৱতৰণে কৰে৷ ইপিনে ভাৰতৰ সীমান্ত সোমোৱাৰ লগে লগে এছক’ৰ্ট দি উৰাই আনিলে সুখই বিমানেৰে৷ পাঁচখন ফৰাচী ৰাফেল যুদ্ধবিমানক অভ্যৰ্থনা জনোৱাৰ বাবে আম্বালা বিমান বন্দৰত উপস্থিত আছিল বায়ুসেনাৰ প্ৰধান আৰ কে এছ ভাদৌৰিয়া৷ ৰাফেল যুদ্ধ বিমান অৱতৰণৰ পাছত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আদৰণি জনাই চীন আৰু পাকিস্তানক সতৰ্ক কৰি দিয়ে৷ ভাৰতৰ সংহতিত ভাবুকিস্বৰূপ হৈ পৰা এই শক্তিবোৰৰ বিৰুদ্ধে ভাৰতীয় বায়ুসেনাই নতুন শক্তিৰে কাম কৰিব৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰত লিখে, নিৰাপদে আম্বালাত অৱতৰণ কৰিলে বিমানকেইখন৷ ৰাফেল যুদ্ধবিমান মাটিত স্পৰ্শ কৰাৰ লগে লগে ভাৰতৰ সামৰিক ইতিহাসত নতুন যুগৰ সূচনা হ’ল৷ বহুমুখী ক্ষমতাসম্পন্ন এই বিমানকেইখনে বায়ুসেনাৰ শক্তিত বৈপ্লৱিক পৰিৱৰ্তন ঘটাব৷ বিমানকেইখন নিৰাপদে অনাৰ বাবে ভাৰতীয় বায়ুসেনাকো তেওঁ অভিনন্দন জনায়৷ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ভাৰতৰ হাতত বিমানকেইখন তুলি দিয়াৰ বাবে ফ্ৰান্স চৰকাৰ আৰু যুদ্ধবিমান নিৰ্মাণকাৰী কোম্পানী দাছল্টক ধন্যবাদ দিয়ে প্ৰতিৰক্ষা মন্ত্ৰীজনে৷ ৰাফেল কিনাৰ বাবে সকলো কৃতিত্ব প্ৰধানমন্ত্ৰী মোডীক দিয়ে ৰাজনাথ সিঙে৷ তেওঁ লিখে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবেই ৰাফেল যুদ্ধবিমান কিনাত সম্ভৱ হ’ল৷ দীৰ্ঘদিনৰ এই প্ৰক্ৰিয়াৰ পাছত ফ্ৰান্স চৰকাৰৰ সৈতে আলোচনা কৰি তেওঁৱেই ৰাফেল কিনাৰ সিদ্ধান্ত লয়৷ এই সাহসিকতা আৰু তাৎক্ষণিক সিদ্ধান্তৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো৷ আনহাতে বুধবাৰে ৰাফেল যুদ্ধবিমান আম্বালাত অৱতৰণৰ সময়ত নিশ্চিদ্ৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়৷ বিমান বন্দৰৰ সংলগ্ন গাঁও ধুলকোট, বলদেৱনগৰ, গাৰনালা আৰু পঞ্জখোৰাত ১৪৪ ধাৰা জাৰি কৰা হয়৷ কোনো ধৰণৰ ছবি তোলা, ভিডিঅ’ কৰা নিষিদ্ধ কৰা হৈছে৷ বিমান বন্দৰৰ ৩ কিলোমিটাৰ পৰিধিত কোনেও ব্যক্তিগত ড্ৰোন আকাশত উৰুৱাব নোৱাৰিব৷ 

Leave A Reply